BTR NEWS

হাগ্ৰামা মহিলাৰীৰ তীক্ষ্ণ প্ৰহাৰ: “BTRত কোনো কিং মেকাৰ নাই, মইয়ে কিং”

Telegram

হাগ্ৰামা মহিলাৰীৰ তীক্ষ্ণ প্ৰহাৰ: “BTRত কোনো কিং মেকাৰ নাই, মইয়ে কিং”

 

Date: 14 July 2025 কোকৰাঝাৰ, BTR

 

বিটিআৰ (বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন) ৰাজনীতিত পুনৰ উত্তেজনা বৃদ্ধি পালে। বি.পি.এফ. (বডোলেণ্ড পিপল’চ ফ্ৰণ্ট) প্ৰধান তথা প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য (CEM) হাগ্ৰামা মহিলাৰীয়ে পুনৰ ইউ.পি.পি.এল. (United People’s Party Liberal) তথা বৰ্তমান CEM প্ৰমোদ বড়োৰ বিৰুদ্ধে মুখ খোলে।

 

এক সভাত বক্তৃতা কৰি হাগ্ৰামাই স্পষ্টকৈ কয়—

 

“BTRত কোনো কিং মেকাৰ নাই, ইয়াত ময়েই কিং।”

 

তেওঁ আগবঢ়ায়— “ইয়াত কিয় কিং মেকাৰ লাগে? প্ৰমোদ বড়োৱে কাম কৰক, তেওঁ মোৰ হিচাপ লৈ থাকিব নালাগে।”

“প্ৰমোদ বড়োৱে একোৱেই কাম কৰিব পৰা নাই ইয়াত।”

 

এই মন্তব্যৰ জৰিয়তে হাগ্ৰামাই জনপ্ৰতিনিধি হিচাপে প্ৰমোদ বড়োৰ দক্ষতা, নেতৃত্ব আৰু জনসেৱাৰ ক্ষেত্ৰত প্ৰশ্ন তুলিছে।

 

উল্লেখযোগ্য যে, বিটিআৰত নিৰ্বাচনী হাৱ-বাও ইতিমধ্যে জুই ধৰিছে। বিজেপি-ইউপিপিএল জোট শাসনত থাকিলেও, বি.পি.এফ.ৰ পৰা হোৱা আক্রমণ আৰু হাগ্ৰামাৰ পৰা অহা কটুক্তি বৰ্তমান শাসনব্যৱস্থাক ৰণহুংকাৰ হিচাপে ধৰা হৈছে।

 

বিশ্লেষণ: হাগ্ৰামাৰ এই ধৰণৰ বক্তব্যে বিটিআৰৰ ৰাজনৈতিক বুৰবুৰণ পুনৰ তীব্ৰ কৰিছে। তেওঁ আগলৈ আৰু কি নতুন চাল দিব, আৰু প্ৰমোদ বড়ো তথা ইউপিপিএল শিবিৰ কেনেদৰে প্রতিক্ৰিয়া জনাব, সেয়া এতিয়া লক্ষ্যণীয় হ’ব।

 

Exit mobile version