BTR NEWS

হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে ৩ অক্টোবৰেই বিটিচি পৰিষদ গঠন

Telegram

হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে ৩ অক্টোবৰেই বিটিচি পৰিষদ গঠন

 

চিৰাং, ১৫ ছেপ্টেম্বৰঃ

অহা ৩ অক্টোবৰ বিটিচি পৰিষদ গঠন কৰি শপত লোৱাৰ দিনক্ষণ ঘোষণা কৰিলে বিপিএফ নেতা তথা পূৰ্বতন মুখ্য হাগ্ৰামা মহিলাৰীয়ে। তিনি দিনীয়া ভ্ৰমণসূচীৰ অন্তৰ্গত মহিলাৰীয়ে আজি প্ৰৱল বৰষুণ উপেক্ষা কৰি চিৰাং জিলাৰ চিৰাং দূৱাৰ পৰিষদীয় সমষ্টিৰ থাইকাঝোৰাত উপস্থিত হয়।

 

বৰষুণৰ মাজতো মুৰত চকী, ছাতা লৈ প্ৰায় ৮-১০ হাজাৰ লোক অপেক্ষা কৰি আছিল হাগ্ৰামা মহিলাৰীৰ আগমনৰ বাবে। অৱশেষত হেলিকপ্টাৰে থাইকাঝোৰাত উপস্থিত হৈ মহিলাৰীয়ে ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

 

তেওঁ ঘোষণাৰে কয় – “অহা ৩ অক্টোবৰ বিটিচি পৰিষদ গঠন কৰিব বিপিএফ দলে। তাত মই শপত লম আৰু সকলোৰে বাবে ছাগলী আৰু গাহৰীৰ মাংসৰে ভোজৰ আয়োজন থাকিব। ইতিমধ্যে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক নিমন্ত্ৰণী চিঠি প্ৰেৰণ কৰা হৈছে।”

 

ইয়াৰ উপৰিও মহিলাৰীয়ে যোৱা নিশা নিচিমা সমষ্টিত সংঘটিত নিৰ্বাচনী হিংসা প্রসঙ্গত মন্তব্য কৰি কয় – “ই গোটেই ফেৰেঙ্গা তথা ৰঞ্জিত বসুমতাৰীৰ গুণ্ডাবাহিনীৰ কাম। ৰাইজে একে অৱস্থা বুজি লব লাগিব।”

 

মহিলাৰীয়ে আগন্তুক নিৰ্বাচনত বিপিএফৰ বিজয় নিশ্চিত বুলি দাবী কৰি কয় যে বিটিচিৰ ৰাইজৰ একমাত্র ভৰসা বিপিএফ আৰু দলটোৱে আগৰ দৰে অঞ্চলৰ শান্তি-উন্নয়ন আৰু স্বাভিমানৰ বাবে কাম কৰি যাব।

 

এই অনুষ্ঠানত স্থানীয় ৰাইজে মহিলাৰীয়ক হাতত ফুল-মালা দি আদৰণি জনায় আৰু তেওঁৰ নেতৃত্বত পৰিষদ গঠন হ’ব বুলি আশাবাদ ব্যক্ত কৰে।

 

Exit mobile version