BTR NEWS

হাগ্ৰামাৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰমোদ বড়োৱে

Telegram

হাগ্ৰামাৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰমোদ বড়োৱে

 

বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আজি প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্যত প্ৰতিক্ৰিয়া জনাই কটাক্ষ কৰে।

 

প্ৰমোদ বড়োৱে স্পষ্টভাৱে কয়— “ৰাজনীতি কৰাৰ স্বাৰ্থত হাগ্ৰামাই যি টি ক’ব পাৰে। কিন্তু গুলী ফুটোৱা কামটো মোৰ নহয়, হাগ্ৰামাই নিজেই কৰি আহিছে।”

 

তেওঁ লগতে কয় যে, হাগ্ৰামাই জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ বিভিন্ন সময়ত মিথ্যা মন্তব্য কৰে। কিন্তু বাস্তৱত বিটিআৰৰ প্ৰশাসন শান্তি আৰু উন্নয়ন বজাই ৰাখিবলৈ কাম কৰি আছে।

 

প্ৰমোদ বড়োৱে পুনৰ প্ৰশ্ন তোলে— “যি টি কথা কৈ ভোট দুটা কালেকছন লাভ কৰি কি লাভ হ’ব? মাত্ৰ ক্ষমতা দখলৰ স্বাৰ্থতে এইধৰণৰ ভ্ৰম ছড়োৱা হাগ্ৰামাৰ অভ্যাস।”

 

👉 প্ৰমোদ বড়োৱে হাগ্ৰামাক সোধে— বিগত বহু বছৰৰ শাসনত তেওঁ কেনেদৰে বিটিআৰ জনগণৰ সমৃদ্ধিৰ পথত আগবঢ়াই নিলে? এই পৰিপ্ৰেক্ষিতত হাগ্ৰামাৰ সমালোচনাই কোনো যুক্তি নাথাকে বুলি তেওঁ মন্তব্য কৰে।

Exit mobile version