সৰ্প দংশনত মৃত্যু হ’ল হাফলং পিএম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ কম্পিউটাৰ চায়েঞ্চৰ পিজিটি ছানিদীপ বসুমতাৰী

Telegram

সৰ্প দংশনত মৃত্যু হ’ল হাফলং পিএম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ কম্পিউটাৰ চায়েঞ্চৰ পিজিটি ছানিদীপ বসুমতাৰী। দেওবাৰে পুৱা প্ৰায় ছ’টা মানত হাফলং অসামৰিক চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।

 

মাথো ১১ দিন আগতে একেখন বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ সৈতে হৈছিল এংগেজমেন্ট। ২০২৬ চনত বিয়াৰ কথা আছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। নিমিষতেই সব সপোন হেৰাই গ’ল।

 

বিদ্যালয়ৰ অধ্যক্ষ ড০ লোকেশ কুমাৰ গুপ্তা আৰু আন প্ৰত্যক্ষদৰ্শী শিক্ষক সকলোৰ অভিযোগ অনুসৰি হাফলং অসামৰিক চিকিৎসালয়ৰ কৰ্তব্যৰত চিকিৎসক তথা নাৰ্ছৰ হেমাহিৰ বাবেই অকালে গুছি যা’ব লগা হ’ল ছানি স্যাৰক।

 

ছানিদীপ বসুমতাৰীৰ ঘৰ গুৱাহাটীত।২০২৩ চনৰ ৮ নভেম্বৰ তাৰিখে কম্পিউটাৰ চায়েঞ্চৰ স্থায়ী শিক্ষক হিচাপে হাফলং পিএম শ্ৰী কেন্দ্রীয় বিদ্যালয়ত যোগদান কৰিছিল। অতি নম্ৰ আৰু ছাত্ৰ ছাত্ৰী সকলৰ মাজত কম সময়তে জনপ্ৰিয়তা লাভ কৰা পিজিটি ছানি চাৰৰ অকাল বিয়োগত শোকৰ ছাঁ কেন্দ্ৰীয় বিদ্যালয়ত।

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    • Current
    • September 15, 2025
    • 5 views
    • 1 minute Read
    মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

    Telegram

    TelegramTweetমৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ   ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (CAA) তথা চমুকৈ কা আৰু গৃহ মন্ত্ৰালয়ে প্ৰণয়ন কৰা প্ৰৱজন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *