
সৰভোগৰ সাহপুৰৰ জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ 20 তৰ্ম বাৰ্ষিক বিদ্যালয় সপ্তাহ” উদযাপন।
বৰপেটা জিলাৰ বৃহত্তৰ বৰনগৰ অঞ্চলৰ ৰাইজক শিক্ষাৰ পোহৰৰে জিলিকাই তোলাৰ স্বাৰ্থত ২০০৫ চনত সৰভোগৰ সাহপুৰত জন্ম পাইছিল জ্ঞানোদয় জাতীয় বিদ্যালয়৷ এইখন বিদ্যালয়ৰ ২০ তৰ্ম বাৰ্ষিক বিদ্যালয় সপ্তাহ অনুষ্ঠিত হয় আৰু বঁটা বিতৰণি সভা খন ৫ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ বনাৰ্ঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে ৷ প্ৰথম দিনা পুৱা পতাকা উত্তোলন,পতাকা উত্তোলন কৰে জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ অধ্যক্ষ নেকিবুল ইছলামে ,এই সময়ছোৱাত বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন খেল ধেমালী আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ বিভিন্ন ধৰণৰ খেল ধেমালী ।আধুনিক সংগীত,চিত্ৰাংকন প্ৰতিযোগিতা,আকস্মিক বক্তৃতা অনুষ্ঠান,স্মৃতি প্ৰতিযোগিতা,কবিতা আবৃত্তি প্ৰতিযোগিতা,কুইজ প্ৰতিযোগিতা আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷
সভাপতিত্ব কৰে জামাদাৰ বড়ীʼৰ বিশিষ্ট সমাজসেৱক জিন্নত আলীয়েʼ শেষৰ দিনাৰ মুকলি সভাত উপস্থিত থাকে বৰপেটা জিলা নগৰ উন্নয়ন নিগমৰ অধ্যক্ষ মহেন দাসে। লগতে জামাদাৰ বড়ীʼৰ বিশিষ্ট সমাজকৰ্মীʼ তথা যুৱনেতা মমছেদ আলম,তাৰ উপৰিও
আজানপীৰ মাছুম মডেল একাডেমীৰ অধ্যাপক আব্দুল হাই,য়ে। ৪৬নং নিচুকা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি -আনোৱাৰ মণ্ডল, চাগাচিটি একাডেমী বিদ্যালয়ৰ সচিৱ হৱিবৰ ৰহমান। লগতে উপস্থিত থাকে ডিকে হাইস্কুলৰ প্ৰধান শিক্ষক- ইব্ৰাহিম আলী,ও সাহপুৰৰ বিশিষ্ট সমাজকৰ্মীʼ ফজল হকে।
কেইৱাগৰাকী বিশিষ্ট শিক্ষাৱিদ,বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক, প্ৰাক্তন ছাত্ৰ – ছাত্ৰী অভিভাৱক-অভিভাৱিকা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷