সৰভোগৰ বাড্‌চ একাডেমিৰ উদ্যোগত চতুৰ্থ সংখ্যক সদৌ অসম ভিত্তিক ভট্টদেৱ স্মাৰক কুইজ প্ৰতিযোগিতাৰ প্ৰস্তুতি।

Telegram

সৰভোগৰ বাড্‌চ একাডেমিৰ উদ্যোগত চতুৰ্থ সংখ্যক সদৌ অসম ভিত্তিক ভট্টদেৱ স্মাৰক কুইজ প্ৰতিযোগিতাৰ প্ৰস্তুতি:

 

 

বৰপেটা জিলাৰ সৰভোগ ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত অন্যতম বাড্‌চ একাডেমি,এই বাড্‌চ একাডেমিৰ উদ্যোগত কেইবাবছৰো ধৰি এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে,বিগত বৰ্ষৰ দৰে এইবেলিও ৮ ডিচেম্বৰ তাৰিখে এদিনীয়াকৈ শিক্ষানুষ্ঠানখনত চতুৰ্থ সংখ্যক সদৌ অসম ভিত্তিক ভট্টদেৱ স্মাৰক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব,কুইজ প্ৰতিযোগিতাৰ নিয়ম সমূহ ক্ৰমে-অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিবলৈ পাৰিব,এখন শিক্ষানুষ্ঠানৰ পৰা দুটা দ’লে অংশগ্ৰহণ কৰিবলৈ পাৰিব,দুটা দ’লত দুজনকৈ প্ৰতিযোগী থাকিব,ক্ৰছ টিমৰ অনুমতি নেদিয়ে,কুইজ মাষ্টাৰৰ সিদ্ধান্ত কুইজৰ সময়ত চূড়ান্ত আৰু বাধ্যতামূলক হ’ব,কুইজ অংশগ্ৰহণ কৰা প্ৰতিযোগীয়ে নিজ শিক্ষানুষ্ঠানৰ পৰিচয়পত্ৰ লগত আনিবলৈ লাগিব,প্ৰতিষ্ঠানটোৰ মুৰব্বীৰ পৰা এটা ফৰৱাৰ্ডিং ঘোষণা কৰাটো আৱশ্যকীয়,প্ৰতিযোগিতাৰ কমেও ৫ দিন আগতে উদ্যোক্তাৰ লগত যোগাযোগ কৰিবলৈ লাগিব,দলৰ পঞ্জীয়ন মাচুল মাত্ৰ ১০০ টকা,প্ৰতিযোগিতাৰ দিনা পঞ্জীয়ন মাচুল গ্ৰহণ কৰিব,প্ৰতিযোগিতাত অনলাইন আৰু অফলাইন মাধ্যমৰে পঞ্জীয়ন কৰিবলৈ পাৰিব,এই প্ৰতিযোগিতা পঞ্জীয়ন কৰা শেষ দিন ৫ ডিচেম্বৰ,আনফালে এই কুইজ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দ’লক নগদ ৭ হাজাৰ টকা,মানপত্ৰ,ৰাণিং চিল্ড আৰু ট্ৰফী প্ৰদান কৰিব,দ্বিতীয় পুৰস্কাৰ পোৱা প্ৰতিযোগী দলক নগদ ৫ হাজাৰ টকা,মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰিব আৰু তৃতীয় পুৰস্কাৰ পোৱা দ’লক নগদ ৩ হাজাৰ টকা,মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰিব,ইয়াৰ লগতে চূড়ান্ত ৰাউণ্ডলৈ যোৱা প্ৰতিটো দলক ১ হাজাৰকৈ নগদ ধন প্ৰদান কৰিব,ইয়াৰ লগতে কুইজ প্ৰতিযোগিতাৰ দৰ্শকৰ সকলৰ প্ৰতি বিশেষ উপহাৰ থাকিব,কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দল আৰু প্ৰতিযোগীক মানপত্ৰ প্ৰদান কৰিব,সদৌ অসম ভিত্তিত হবলগীয়া কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বিচাৰিলে 8135887728,9365811603, 9864763527 নম্বৰত যোগাযোগ কৰিবলৈ পাৰিব,এইবাৰৰ কুইজ প্ৰতিযোগিতাৰ কুইজ মাষ্টাৰ হিচাপে দৈনিক অসম কাকতৰ উপ সম্পাদক দীপাংকৰ কৌশিক উপস্থিত থাকিব৷

 

  • Related Posts

    কচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন। 

    Telegram

    TelegramTweetকচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন।      তামুলপুৰঃ৩০ আগষ্টঃ     তামুলপুৰৰ কচুবাৰীত আজি এক মাংগলিক পৰিৱেশত এটি শনি মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয়।হেমচিং বড়োৰ পৰিয়ালবৰ্গই দান কৰা উক্ত ভূমিত…

    বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।

    Telegram

    TelegramTweetবিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।   বিটিচিৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰিও ফলাফল ঘোষণা কৰিব নোৱাৰাৰ উপৰিও বিটিআৰ স্পেচিয়েল টেটৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *