“সৰভোগৰ জামাদাৰ বড়ী AR ENGLISH ACADEMY ‘ বিদ্যালয়ত বাৰ্ষিক বিদ্যালয় সপ্তাহ উদযাপন”
ছাত্ৰ – ছাত্ৰীৰ প্ৰতিভা বিকাশৰ অন্যতম স্থলী বিদ্যালয় জামাদাৰ বড়ীʼৰ আগশাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয় AR ENGLISH ACADEMY বিদ্যালয়ʼʼ ২০১৭ চনত স্থাপিত বিদ্যালয়খনত যোৱা ১৯ নৱেম্বৰʼৰ পৰা ২৩ নৱেম্বৰ,লৈ ৫ দিনীয়া কাৰ্যসূচীৰে বাৰ্ষিক সপ্তাহ উদযাপন কৰা হয়।আজি অন্তিম দিনা বঁটা বিতৰণী আৰু মুকলি অধিৱেশন অনুষ্ঠিত কৰা হয় । যোৱা চাৰি দিন ছাত্ৰ- ছাত্ৰী সকলে দেখুওৱা প্ৰতিভা সমূহৰ বাবে তেওঁলোকক উৎসাহিত কৰিবৰ বাবে বা উৎসাহিত কৰিবলৈ বঁটা প্ৰদান কৰা হয়। মুকলি সভাত বিশিষ্ট অতিথি সকলক সম্বৰ্ধনা জনোৱা হয়, লগতে বিশিষ্ট অতিথি সকলে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যে বিভিন্ন ধৰণৰ ভাষণ প্ৰদান কৰে। সাংস্কৃতিক অনুষ্ঠানেৰে মুখৰিত হয় বিদ্যালয়ৰ চৌপাশ । লগতে বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী ছাত্ৰ – ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে।