BTR NEWS

সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন

Telegram

সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন

৩১ ডিচেম্বৰ আৰু নৱবৰ্ষৰ উৎসৱৰ প্ৰাকমুহূৰ্তত, তিনিচুকীয়া চহৰত আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা হাতত লৈছে। নিশা চহৰৰ বিভিন্ন স্থানত জিলা টাস্ক ফ’ৰ্চৰ বিশেষ অভিযান চলি গৈছে। সুৰাপান কৰি বাহন চলাই চহৰখনৰ লোকৰ জীৱন সংকটত পেলোৱা চালকৰ বিৰুদ্ধে এই অভিযান বিশেষভাৱে কেন্দ্ৰিত।

 

অভিযানৰ সময়ত, বহু সংখ্যক চালকক নিৰীক্ষণ কৰি সুৰাপানৰ পৰীক্ষা লোৱা হয়। কোনো চালক সুৰাপান কৰি বাহন চলাইছে বুলি প্ৰমাণ পালে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তি আৰোপ কৰা হৈছে। যিসকলে নিয়ম উলংঘা কৰিছে, তেওঁলোকৰ লাইচেঞ্চ জব্দ কৰাৰ লগতে আইন অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

 

প্ৰশাসনে জনতাক সতৰ্ক কৰি কৈছে যে নতুন বছৰৰ আনন্দ উদযাপন কৰাৰ নামত কোনো নৈতিকতাবিৰোধী কাম-কাজ বা জীৱন বিপদত পেলোৱা কাৰ্যকলাপ সহ্য কৰা নহ’ব। সুৰক্ষিত আৰু সজাগ হৈ উৎসৱ উদযাপন কৰিবলৈ সকলোকে আহ্বান জনোৱা হৈছে।

 

এনে অভিযানৰ ফলত চহৰৰ সুৰক্ষাৰ পৰিৱেশ অধিক শক্তিশালী হোৱাৰ আশা প্ৰকাশ কৰিছে স্থানীয় লোকসকলে।

 

Exit mobile version