বিহাৰী : ২ নবেম্বৰ ২০২৪
ৰাজ্যত উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই বিহালী সমষ্টিত বিজেপি ৰঞ্জিত দত্ত আৰু আৰু কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ বাকযুদ্ধই আকৰ্ষণীয় ৰূপ লৈছে।
শুক্ৰবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাই বিজেপিৰ শোণিতপুৰ বিজেপিৰ সাংসদ ৰঞ্জিত দত্তৰ বিৰুদ্ধে মহা অভিযোগ উত্থাপিত কৰিছিল। কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাই অভিযোগ উত্থাপন কৰি কৈছিল –
কংগ্ৰেছৰ দলৰ পৰা টিকট পাবলৈ পাণ এটাও খোৱাব লগা হোৱা নাই,ৰঞ্জিত দত্ত এজন মিছলীয়া মানুহ । তেখেতে যিটো মোক গাড্ডাৰ কৰিলে সেয়েহে মোক জাতীয় কংগ্ৰেছে স্বীকৃতি দিছে। মোক প্ৰল্লৱ লোচন দাসৰ বিৰুদ্ধে নিৰ্দলীয় ভাৱে নিৰ্বাচন খেলিবলৈ ৩ কোটি টকা দিম বুলি প্ৰতিচ্ছতি দিছিল তেখেতৰ নিজৰ ঘৰত মাতি নি । প্ৰায় ১৩ জনকৈ বিজেপিৰ ৩ জন মণ্ডল সমিতিৰ সভাপতি আছিল , সমুন শৰ্মা মধ্যস্থতা কৰিছিল আৰু তাৰ মাজত এজন চাহ জনগোষ্ঠীৰ বিহালী সমষ্টিৰ নেতাও উপস্থিত আছিল। মোৰ টিকটৰ বাবে তেওঁ দিল্লী,গুৱাহাটী যোগাযোগ কৰিছিল আৰু তাৰ উপৰিও যদি মুখ্যমন্ত্ৰীয়ে প্ৰল্লৱ লোচন দাসক নিক্ষেপ কৰে। তেতিয়া হলে নিৰ্দলীয় হিচাপে খেলোৱাৰ কথা আছিল আৰু ৩ কোটি টকা দিয়াৰ কথা আছিল বু প্ৰল্লৱ লোচন দাসক হৰুৱাবলৈ। এতিয়া তেওঁ মোক ৩ কোটি টকাটো দিব লাগে-বুলি কৈছিল বিহালী সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাই।
আজি শোণিতপুৰ সাংসদ ৰঞ্জিত দত্তই সংবাদ মাধ্যমৰ আগত কয় বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ ওচৰত যদিও কিবা তথ্য প্ৰমাণ অথবা ভিডিঅ’ ফুটেজ আছে তেতিয়া হলে ৰাজহুৱা কৰিবলৈ আহ্বান জনায়। তেওঁৰ বিৰুদ্ধে অন্যথা মানহানিৰ গোচৰ তৰাৰ হুংকাৰ দিয়ে । লগতে সাংসদ ৰঞ্জিত দত্তই কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাক অনুসূচিত জাতি বিৰোধীও আখ্যা সাংসদজনৰ। বিহালীত পৰাজয় নিশ্চিত বুলি জানি কংগ্ৰেছ প্ৰাৰ্থীজনে প্ৰলাপ বকিছে বুলিও মন্তব্য ৰঞ্জিত দত্তৰ। সাংসদ গৰাকীৰ দাবী বিহালী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ ৩৫ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হব ।