
সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশন নালাপাৰা ও ৰাজগড় আঞ্চলিক সমিতিৰ দ্বাদশ দ্বী বাৰ্ষিক অধিৱেশন। চৰকাৰী অনুদানে কেতিয়াও জাতি এটাক জীয়াই ৰাখিব নোৱাৰে: দীপক দে।
বিটিআৰ ফেডাৰেচনৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি শংকৰ দাসে পৰিচালনা কৰা আজিৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাবে অংশ লৈ সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হৰেন্দ্ৰ দাসে বাঙালী জাতিৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ কথা উল্লেখ কৰি, জাতিটোৰ লোক সকলে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সমান্তৰাল ভাৱে সমাজৰ চুকে কুনে নিচাৰ প্ৰতি আসক্ত যুৱ চামক এই ব্যাধিৰ ৰোধৰ বাবে সজাগতা গঢ়ি তুলিবৰ আহ্বান জনায়।আজিও অসমৰ বুকুত বাঙালী সকল কিদৰে চৌদিশে লাঞ্ছিত,বঞ্চিত হৈ আহিছে এই বিষয়ে বহল বাখ্যা উল্লেখ কৰি স্বাধীনতা আন্দোলনত বাঙালী সকলৰ ভূমিকা আজিৰ দিনত সকলোয়ে পাহৰি গৈছে বুলি উল্লেখ কৰে। সভাত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপক দে অংশগ্ৰহণ কৰি, বৰ্তমান সময়তো বৃহত্তৰ বাঙালী জাতিক কিদৰে ভাগ ভাগ কৰি শোষণ কৰি আহিছে সেই সন্দৰ্ভত বিতং বাখ্যা আগবঢ়াই কয় যে চৰকাৰ খনে আজিও বহু ক্ষেত্ৰত বাঙালী সকলক কেৱল ৰাজনৈতিক ভোট বেংক হিচাবে ব্যৱহাৰ কৰি আহিছে। অনুদানে যে কোনো এটা জাতিক সুৰক্ষা দিব নোৱাৰে সেই কথা উল্লেখ কৰি আগন্তুক সময়ত অসমৰ বুকুত বসবাস কৰা বাঙালী সকল একত্ৰিত হৈ এটা সংগবদ্ধ জাতি হিচাবে প্রতিষ্ঠা হবৰ বাবে অনুৰোধ জনায়।ইপিনে, বিটিআৰ বাঙালী ফেডাৰেচনৰ প্রাক্তন সভাপতি শ্যামল সৰকাৰেও জাতিটোৰ উত্তৰণৰ বাবে কৰিব লগা কাৰ্যপন্থা ও শিক্ষাৰ ক্ষেত্ৰত অভিভাৱক সকলে লব লগা দিশৰ ওপৰত আলোকপাত আগবঢ়াই।উক্ত মুকলি সভাত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি শ্যামল সৰকাৰ, সদৌ বিটিআৰ ফেডাৰেশনৰ কেন্দ্ৰীয় সম্পাদক শুভ মজুমদাৰ,তামুলপুৰ জিলা সমিতিৰ সম্পাদক অমৰজিৎ দেৱনাথ, বাঙালী জনমুক্তি বাহিনীৰ প্ৰাক্তন অধ্যক্ষ আমৰজিৎ পাল, বিটিআৰ ফেডাৰেচনৰ ওদালগুৰি জিলা সমিতিৰ প্ৰাক্তন সভাপতি সুজিত সৰকাৰ, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন তামুলপুৰ জিলাৰ সভাপতি দেৱব্ৰত সৰকাৰ, মিথুন দাস, বিটিআৰ ফেডাৰেনশনৰ ওদালগুৰি জিলাৰ উপ সভাপতি প্ৰশান্ত মজুমদাৰ,বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি হৰেন দাস,সুৰেন সৰকাৰ সহ ফেডাৰেচনৰ প্ৰাক্তন কর্মীৰ লগতে অঞ্চলটোৰ সহস্ৰাধিক পুৰুষ-মহিলা,বয়োজেষ্ট লোকে অংশগ্ৰহণ কৰে। উল্লেখ যে,ছাত্ৰ সংগঠনটোৰ উক্ত অধিৱেশনৰ প্ৰতিনিধি সভাত ৰঞ্জন কবিৰাজক সভাপতি, জ্ঞানেন্দ্ৰ মোহনক সম্পাদক হিচাবে নালাপাৰা আঞ্চলিক সমিতি আৰু ৰাম সৰকাৰক সভাপতি আৰু অঞ্জন সৰকাৰক সম্পাদক হিচাবে বাছনি কৰি ৰাজাগড় আঞ্চলিক সমিতি গঠন কৰা হয়। ইপিনে নিশা ওদালগুৰি জিলা আয়ুক্তই মুকলি কৰে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ। বংগ কন্যা খ্যাত জনপ্ৰিয় গায়িকা মৰ্মিতা মিত্ৰৰ গীতৰ শৰাইৰে নিশা সফল সামৰণি পৰে উক্ত অনুষ্ঠান।