সদৌ তামুলপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ উদ্যোগ আৰু তামুলপুৰ জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ যৌথ উদ্যোগত তামুলপুৰত ৩ ঘণ্টাৰ অৱস্থান ধৰ্মঘট
সদৌ তামুলপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ উদ্যোগ আৰু তামুলপুৰ জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ যৌথ উদ্যোগত তামুলপুৰত ৩ ঘণ্টাৰ অৱস্থান ধৰ্মঘট পালন কৰা হয়। এই প্ৰতিবাদ কাৰ্যসূচী তামুলপুৰ জিলা সদৰৰ প্রয়াত লেহো বড়ো ক্ষেত্ৰত অনুষ্ঠিত হয়। কোচ ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত এই ধৰ্মঘটৰ আয়োজন কৰা হয়।
প্ৰতিবাদকাৰী সকলে প্লেকাৰ্ড হাতে লৈ বিভিন্ন স্লোগানেৰে অঞ্চলটো উত্তাল কৰি তোলে। স্লোগানসমূহত উল্লেখ আছিল – “ন এছ টি ন ৰেচ, আমাক কমতাপুৰ লাগিবই,” “আমাক জনজাতিকৰণ কৰক,” “বিজেপি গ’ বেক,” “অসম চৰকাৰ হায় হায়,” আৰু “মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা গ’ বেক।” এইসকল দাবীৰ মাধ্যমেৰে কোচ ৰাজবংশী জনগোষ্ঠী নিজৰ অধিকাৰ আৰু স্বীকৃতিৰ প্ৰতিবাদ জানায়।
আক্ৰাছু (অল কোচ ৰাজবংশী ছাত্ৰ ইউনিয়ন)-ৰ সমর্থনত এই কাৰ্যসূচী পালন কৰা হয়। আন্দোলনৰ মাধ্যমে অঞ্চলটোৰ সম্পূৰ্ণ পৰিবেশ উত্তপ্ত হৈ উঠে। প্ৰতিবাদকাৰী সকলে দাবী কৰে যে কোচ ৰাজবংশী জনগোষ্ঠীক ন্যায্য অধিকারৰ স্বীকৃতি দি চৰকাৰে পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ পদক্ষেপ ল’ব লাগিব।