
সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ আহ্বানত সদৌ তামুলপুৰ জিলা আছুৰ উদ্যোগত অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰঙিয়া-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত
মূল দাবীসমূহ:
অবিলম্বে অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰা।
যোগান বিভাগৰ দায়িত্বশীল ভূমিকা নিশ্চিত কৰা।
অসম চৰকাৰৰ যোগান বিভাগৰ অপৰ্যাপ্ততাৰ প্ৰতিবাদ।
এই বিক্ষোভত আছুৰ কৰ্মীসকলে “মূল্যবৃদ্ধি ৰোধ কৰক”, “যোগান মন্ত্ৰী কাম নাই”, “অসম চৰকাৰৰ যোগান বিভাগ হায় হায়”, “বিজেপি চৰকাৰ হায় হায়”, “সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ” আদি শ্লোগানৰে তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে।
বিক্ষোভকাৰীয়ে অসম চৰকাৰক দোষাৰোপ কৰি কয় যে যোগান বিভাগৰ উদাসীনতাই ৰাজ্যত মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে। তেওঁলোকে দাবী কৰে যে চৰকাৰে অবিলম্বে ব্যৱস্থা নল’লে এনে বিক্ষোভৰ মাত্রা অধিক বৃদ্ধি পাব।