সংযোগ ব্যৱস্থাৰ ৰূপান্তৰণঃ অসম-ভূটান নতুন ৰেলপথ ঘোষণা

Telegram

সংযোগ ব্যৱস্থাৰ ৰূপান্তৰণঃ অসম-ভূটান নতুন ৰেলপথ ঘোষণা

মালিগাওঁ, ০১ মাৰ্চ, ২০২৫:

ভাৰতীয় ৰে’লৱেই চুবুৰীয়া দেশসমূহৰ সৈতে সংযোগ ব্যৱস্থা বৃদ্ধিৰ বাবে কেইবাটাও নতুন ৰে’লপথ প্ৰকল্প হাতত লৈ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী ‘এক্ট ইষ্ট পলিচী’ আৰু ‘নেইবাৰহুড ফাৰ্ষ্ট পলিচী’ বাস্তৱায়িত কৰাৰ দিশত সক্ৰিয়ভাৱে আগবাঢ়িছে। এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি অসমক ভূটানৰ সৈতে সংযোগ কৰিবলৈ কোকৰাঝাৰৰ পৰা গেলেফুলৈ এক নতুন ৰে’লপথ স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছে, যাতে দুই দেশৰ মাজৰ সংযোগ ব্যৱস্থাৰ উন্নতি সাধনেৰে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিব পৰা যায়। মাননীয় ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে ২০২৫ চনৰ ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজিত এডভান্টেজ অসম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষক সন্মিলনত এই প্ৰকল্পটোৰ কথা ঘোষণা কৰে।

আনুমানিক ৩,৫০০ কোটি টকা ব্যয়েৰে স্থাপন হ’বলগীয়া প্ৰস্তাৱিত ৬৯.০৪ কিলোমিটাৰ ৰেলপথটোৱে অসমৰ কোকৰাঝাৰ ষ্টেচনক ভূটানৰ গেলেফুৰ সৈতে সংযোগ কৰিব। প্ৰকল্পটোত ছয়টা নতুন ষ্টেচন, যেনে বালাজান, গৰুভাছা, ৰুণিখাটা, শান্তিপুৰ, দাদগিৰি আৰু গেলেফুৰ বিকাশ অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও, আন্তঃগাঁথনি পৰিকল্পনাত ০২ খন গুৰুত্বপূৰ্ণ সেঁতু, ২৯ খন বৃহৎ সেঁতু, ৬৫ খন সৰু সেঁতু, ০১ খন ৰোড অভাৰ ব্ৰীজ, ৩৯ খন ৰোড আণ্ডাৰ ব্ৰীজ আৰু ১১ মিটাৰ দৈৰ্ঘ্যৰ ০২ টা ভায়াডাক্টৰ নিৰ্মাণ অন্তৰ্ভূক্ত আছে। চূড়ান্ত স্থান জৰীপ (এফএএছ) সফলতাৰে সম্পূৰ্ণ হৈছে আৰু পৰৱৰ্তী অনুমোদন আৰু প্ৰয়োজনীয় নিৰ্দেশনাৰ বাবে বিস্তাৰিত প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) দাখিল কৰা হৈছে।

প্ৰস্তাৱিত ৰে’লপথটোৱে দুয়োখন দেশৰ মাজত বাণিজ্য, পৰ্যটন আৰু সাংস্কৃতিক বিনিময় বৃদ্ধি কৰি ভাৰত-ভূটান সম্পৰ্ক যথেষ্ট শক্তিশালী কৰিব। ইয়াৰ ফলত সংযোগ ব্যৱস্থা উন্নত হ’ব, ভূটানক প্ৰথমবাৰৰ বাবে ৰে’ল ব্যৱস্থা সংযোগ প্ৰদান কৰা হ’ব, যাৰ ফলত বাধাহীন পৰিবহনৰ সুবিধা হ’ব। ইয়াৰ উপৰিও, ৰে’লপথটোৱে বড়োলেণ্ডক বাণিজ্য আৰু পৰিবহন কেন্দ্ৰ হিচাপে গঢ়ি তুলিব, যাৰ ফলত স্থানীয় ব্যৱসায় আৰু জনসাধাৰণ উপকৃত হ’ব। সামগ্ৰিকভাৱে, অসম-ভূটান ৰে’লপথটোৱে বড়োলেণ্ডৰ অৰ্থনীতি আৰু ৰেল সংযোগৰ ৰূপান্তৰণ ঘটাবলৈ সাজু হৈছে, যাৰ ফলত দীৰ্ঘম্যাদী বিকাশ আৰু উন্নয়নৰ পথ প্ৰশস্ত হ’ব।

 

 

(কপি

  • Related Posts

    • Current
    • June 18, 2025
    • 2 views
    • 1 minute Read
    সোনম ৰঘুবংশীৰ ভাই গোৱিন্দৰ প্ৰতিক্ৰিয়া নাৰ্কো টেষ্ট দাবীত

    Telegram

    TelegramTweetসোনম ৰঘুবংশীৰ ভাই গোৱিন্দৰ প্ৰতিক্ৰিয়া নাৰ্কো টেষ্ট দাবীত 🗣️ ——————————————————   ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ সন্দেহত কোৱা যোৱা সোনম ৰঘুবংশীৰ নাম কেন্দ্ৰ কৰি যেতিয়া নাৰ্কো টেষ্টৰ দাবী উঠিছে, তেতিয়াই পৰিয়ালৰ পৰা…

    • Current
    • June 18, 2025
    • 3 views
    • 1 minute Read
    🐄 গো-মাংসক কেন্দ্ৰ কৰি উত্তেজনা | মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজত বাকযুদ্ধ 🗣️

    Telegram

    TelegramTweet🐄 গো-মাংসক কেন্দ্ৰ কৰি উত্তেজনা | মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজত বাকযুদ্ধ 🗣️   অসমত গো-মাংস বিষয়ক বিতৰ্কত আকৌ জুই ধৰিছে। ঠায়ে ঠায়ে উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি হোৱাৰ পাছতেই এই ইস্যুটোক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *