BTR NEWS

সংখ্যালঘু নেতাৰ অসমীয়া ভাষা বিদ্বেষী বক্তব্যত আছুৰ তথ্য সম্পাদক ডুলুজিৎ দাসৰ প্ৰতিক্ৰিয়া

Telegram

সংখ্যালঘু নেতাৰ অসমীয়া ভাষা বিদ্বেষী বক্তব্যত আছুৰ তথ্য সম্পাদক ডুলুজিৎ দাসৰ প্ৰতিক্ৰিয়া

 

 

তামুলপুৰ, ১০ জুলাইঃ

 

সংখ্যালঘু সংগঠন এবিএমছুৰ এগৰাকী নেতাই অসমীয়া ভাষা বিদ্বেষী বক্তব্য দি অসমীয়া ভাষাৰ বিৰুদ্ধাচৰণ কৰাত আজি তামুলপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক ডুলুজিৎ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে– অসমীয়া ভাষাটো ইমান দুৰ্বল নহয় যে একাংশ অসমীয়া বিদ্বেষী মানুহে ক’লেই অসমীয়া ভাষাটো নিশ্চিহ্ন হৈ যাব। অসমীয়া ভাষাৰ বিৰুদ্ধে কথা কোৱাত এটা কথা প্ৰমাণ হ’ল যে সেই শ্ৰেণীৰ লোক সকল অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত জীণ যাব পৰা নাই। অসমীয়া জাতি সত্বাৰ প্ৰতি তেওঁলোকৰ বিৰাগৰ বহিঃপ্ৰকাশ ঘটিছে। অসমীয়া ভাষাৰ এটা দীঘলীয়া ইতিহাস আছে। এই ধৰণৰ দুস্কৃতিকাৰীৰ এই মানসিকতাক নিঃশেষ কৰিবলৈ হ’লে অসম চুক্তিৰ ছয় নম্বৰ দফাক লৈ গঠিত বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ বিকল্প নাই।

 

অসমীয়া ভাষা কোনোবা ৰাম, যদু, মধুৱে নকলে বুলিয়েই অসমীয়া ভাষাৰ অস্তিত্বৰ সংকট হব তেনে কথা নহয়, এই ধৰণৰ ব্লেকমেইলিং বহু সময় ধৰি অসমত চলি আছে। এই ধৰণৰ অসমীয়া বিৰোধী চক্ৰৰ এই চক্ৰান্ত কোনো কালে সফল হব নোৱাৰে৷ এই ব্লেকমেইলিং আমি সহ্য নকৰো বুলি কয় আছু নেতাগৰাকীয়ে।

Exit mobile version