ষট উৎসৱৰ সময়ত উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা প্রশংসনীয় পদক্ষেপ গ্ৰহণ
মালিগাঁও, ১১ নৱেম্বৰ, ২০২৪:
উত্তৰ-পূব সীমান্ত ৰে’লৱেই (এনএফআৰ) ষট উৎসৱ তথা ইয়াৰ পৰৱৰ্তীসময়ত যাত্ৰীসকলক সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰাৰ বাবে ইয়াৰ বিভিন্ন ষ্টেচনত এক সু-সংগঠিত প্ৰণালীৰে বিস্তৃত পদক্ষেপ গ্ৰহণ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেই এই উৎসৱৰ বতৰত সংশ্লিষ্ট পৰিয়ালবৰ্গক একত্ৰিত কৰাৰ বাবে এক সুৰক্ষিত আৰু সুগম ৰেল যাত্ৰা নিশ্চিত কৰাৰ লগতে আৰু ইয়াৰ অধিক্ষেত্ৰৰ ভিতৰত সুৰক্ষিতভাৱে এক উভতনি যাত্ৰাক নিশ্চিত কৰিছিল। যাত্ৰীসকলৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে, উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধিক্ষেত্ৰলৈ আৰু ইয়াৰপৰা ৬০০ ৰো অধিক ট্ৰিপৰ সৈতে মুঠ ৫২ যোৰ বিশেষ ৰেল পৰিচালন কৰা হয়। যাত্ৰীসকলে ছট উৎসৱৰ সময়ত ষ্টেচনসমূহত ভিৰ নিয়ন্ত্ৰণ কৰা ব্যৱস্থাৰ প্ৰতি প্ৰশংসা কৰে।
যাত্ৰীসকলৰ সুবিধাৰ্থে ষ্টেচনসমূহত ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা হয়। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহ আৰু প্ৰতীক্ষা স্থানৰ সুবিধা, ৰাজহুৱা ঘোষণা প্ৰণালী, ট্ৰেইন ডিচপ্লে বোৰ্ড, বহাৰ স্থান আৰু চিচিটিভি কেমেৰা আদিৰে সুসজ্জিত কৰা হৈছিল। ইয়াৰ উপৰিও, সকলো গুৰূত্বপূৰ্ণ ষ্টেচন আৰু ৰেলত পৰিকল্পিত ভাৱে নিৰাপত্তা ব্যৱস্থাও গ্ৰহণ কৰা হৈছিল। সকলো গুৰুত্বপূৰ্ণ আৰু মূখ্য ৰেলৱে ষ্টেচনত ব্যাপক ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হয়, য’ত ভক্তসকলৰ বৃহৎ পৰিমাণৰ সমাগম হয়। বাণিজ্যিক বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গক এই ষ্টেচনসমূহত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে সকলো কামকাজ নিৰীক্ষণ কৰিবলৈ নিয়োজিত কৰা হয়। ৰে’লৱে সুৰক্ষা বাহিনী আৰু চৰকাৰী ৰে’লৱে আৰক্ষীক প্লেটফৰ্ম, ফুট-অভাৰ ব্ৰিজ আৰু চতুৰ্দিশৰ এলেকাসমূহত নিয়োজিত কৰা হয় যাতে অধিক ভিৰৰ সময়ছোৱাত হেঁচা ঠেলাৰ দৰে পৰিস্থিতি পৰিহাৰ কৰিব পৰা যায়। যাত্ৰা আৰম্ভ কৰা আৰু গন্তব্য ষ্টেচনসমূহত সহজ বৰ্ডিং আৰু ডিবৰ্ডিঙৰ সুবিধা প্ৰদান কৰা হয়।
ভক্তসকলক উভতাই অনাৰ সুবিধাৰ্থে, উত্তৰ পূব সীমান্ত ৰেলৱেই ১২ নৱেম্বৰ, ২০২৪ তাৰিখে নিম্নলিখিত বিশেষ ৰেলসমূহৰ পৰিচালন কৰিব।
ৰেল নং ০৫৮৩২ (প্ৰয়াগৰাজ – ৰঙাপাৰা নৰ্থ) বিশেষ ১১ নৱেম্বৰ, ২০২৪ তাৰিখে ১৭:৪০ বজাত প্ৰয়াগৰাজৰ পৰা প্ৰস্থান কৰি ১২ নৱেম্বৰ, ২০২৪ তাৰিখে ২২:৫০ বজাত ৰঙাপাৰা নৰ্থত গৈ উপস্থিত হব।
ৰেল নং ০৭৫৪১ (কাটিহাৰ- দৌৰম মাধেপুৰা) বিশেষ কাটিহাৰৰ পৰা ১৯:০০ বজাত প্ৰস্থান কৰি একেদিনাই ২২:০০ বজাত দৌৰম মাধেপুৰাত গৈ উপস্থিত হব।
ৰেল নং ০৭৫৪০ (কাটিহাৰ – মণিহাৰী) বিশেষ কাটিহাৰৰ পৰা ২০:৩০ বজাত প্ৰস্থান কৰি ২১:৩০ বজাত মণিহাৰীত গৈ উপস্থিত হব।
ৰেল নং ০৫৭৪১ (গোমতী নগৰ – নিউ জলপাইগুড়ী) বিশেষ ১১ নৱেম্বৰ, ২০২৪ তাৰিখে ০৯:২০ বজাত গোমতী নগৰৰ পৰা প্ৰস্থান কৰি ১২ নৱেম্বৰ, ২০২৪ তাৰিখে ১০:৪৫ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হব।
ৰেল নং ০৫৬৩৮ (শিলচৰ- নাহৰলগুন) বিশেষ ১১ নৱেম্বৰ, ২০২৪ তাৰিখে ১৩:৫০ বজাত শিলচৰৰ পৰা প্ৰস্থান কৰি ১২ নৱেম্বৰ, ২০২৪ তাৰিখে ০৮:৪০ বজাত নাহৰলগুনত গৈ উপস্থিত হব।
ৰেল নং ০৫৬৩৭ (নাহৰলগুন – শিলচৰ) বিশেষ নাহৰলগুনৰ পৰা ১০:০০ বজাত প্ৰস্থান কৰি পিছদিনা ০৫:২০ বজাত শিলচৰত গৈ উপস্থিত হব।
ৰেল নং ০৫৬৩৫ (শ্ৰী গংগা নগৰ- গুৱাহাটী) বিশেষ ১০ নৱেম্বৰ, ২০২৪ তাৰিখে ১৩:২০ বজাত শ্ৰী গংগা নগৰৰ পৰা প্ৰস্থান কৰি ১২ নৱেম্বৰ, ২০২৪ তাৰিখে ১০:২০ বজাত কাটিহাৰ আৰু ১৩ নৱেম্বৰ, ২০২৪ তাৰিখে ০০:২৫ বজাত গুৱাহাটীত আহি উপস্থিত হব।
ৰেল নং ০৫৬৯৮ (গুৱাহাটী – নিউ জলপাইগুড়ী) বিশেষ গুৱাহাটীৰ পৰা ২৩:৫৫ বজাত প্ৰস্থান কৰি পিছদিনা ০৮:১৫ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হব।
উত্তৰ পূব সীমান্ত ৰে’লৱে এনে ভিৰৰ সময়চোৱাত সকলো যাত্ৰীৰ বাবে এক সুৰক্ষিত আৰু উপভোগ্য ভ্ৰমণ অভিজ্ঞতাক অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সময়ে সময়ে উত্তৰ পূব সীমান্ত ৰেলৱেৰ ছপা মাধ্যম, ইলেক্ট্ৰনিক আৰু অফিচিয়েল ছ’চিয়েল মিডিয়া মাধ্যম যোগে বিভিন্ন সজাগতা অভিযানো চলাই থকা হয়।