শুক্লাই ছেৰফাংৰ সুৱাগপুৰত বিপিএফৰ যোগদান সভা।
বিভিন্ন ৰাজনৈতিক দলৰ পৰা অহা শতাধিক লোকৰ বিপিএফত যোগদান।
,৫ ছেপ্টেম্বৰ-
বিটিআৰত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ বিটিআৰত ৰাজনৈতিক দল সমূহৰ তৎপৰতা বৃদ্ধি পাইছে। বিজেপি, ইউপিপিএল, বিপিএফকে ধৰি বিভিন্ন ৰাজনৈতিক দল সমূহে নিজৰ নিজৰ কৌশল তৈয়াৰ কৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ চেষ্টা অব্যাহত ৰাখি ৰাইজৰ মাজত সোমাই পৰিছে। কালি নিশা ৭-০০ বজাত বজাত ২৯ নং শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী গণেশ কছাৰীৰ বাসগৃহৰ সমীপত অৱস্থিত বিপিএফৰ কাৰ্যালয়ত এখন বিপিএফৰ বিশাল যোগদান সভা অনুষ্ঠিত হয়। বিপিএফৰ কেন্দ্ৰীয় সংগঠনিক সম্পাদক ফজলুল কৰিম।হাজৰিকাৰ সঞ্চালনায় অনুষ্ঠিত বিশাল যোগদান সভাত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰী , তামুলপুৰ জিলা বিপিএফৰ কেইবাগৰাকী নেতা কৰ্মী, শুক্লাই চেৰফাং ব্লক বিপিএফৰ বিষয়- ববীয়া, নেতা কৰ্মী সহ প্ৰায় তিনি শতাধিক লোক উপস্থিত থাকে। এই যোগদান সভাত বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ পৰা অহা শতাধিক পুৰুষ – মহিলা, যুৱক- যুৱতীয়ে বিপিএফ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে। এই যোগদান কাৰ্যসূচীত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰী আৰু বিপিএফ নেতা সকলে নতুনকৈ বিপিএফত যোগদান কৰা ব্যক্তি সকলক ফুলাম গামোচা পিন্ধাই দললৈ উষ্ম আদৰণি জনায়। যোগদান কাৰ্যসূচীৰ মাজতে সমৰ্থক সকলে বিপিএফ জিন্দাবাদ, হাগ্ৰামা মহিলাৰী জিন্দাবাদ, গণেশ কছাৰী জিন্দাবাদ, গণেশ কছাৰী লং লাইভ আদি ধ্বনিৰে যোগদান সভা উত্তাল কৰি তোলে। যোগদান কাৰ্যসূচীৰ পিছত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত গণেশ কছাৰীৰ কাৰ্যকালত শুক্লাই চেৰফাং সমষ্টিত হোৱা বৈপ্লৱিক উন্নয়ন আৰু পৰিবৰ্তনৰ কথা সদৰীবিপিএফৰ কেইবা গৰাকীও নেতা কৰ্মী ভাষণ ৰাখি কয়- বিজেপিৰ দিনত শুক্লাই চেৰফাংত উন্নতিৰ নামত এক প্ৰহসন হৈছে। এই কথাবোৰ ৰাইজে এতিয়া ভালদৰে বুজি পাইছে আৰু ৰাইজে অন্য ৰাজনৈতিক দল এৰি পুনৰ বিপিএফলৈ ঘূৰি আহিছে। এইবাৰ শুক্লাই চেৰফাংত বিপিএফৰ প্ৰাৰ্থী গবেশ কছাৰীৰ জয় নিশ্চিত। সভাৰ অন্ততন সংবাদ মাধ্যমৰ আগত নিজৰ মত ব্যক্ত কৰি প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে কয়- বিগত পাঁচ বছৰত বিটিচিত সকলো শ্ৰেণীৰ ৰাইজ প্ৰতাৰিত হৈছে। উন্নয়নৰ নামত শূন্যতা দেখা গৈছে। প্ৰমোদ বড়ো যে এটা টেঙা আম সেই কথা ৰাইজে ভালদৰে উপলব্ধি কৰিছে ৰুব ইউপিপিএল আৰু বিজেপি দলৰ পৰা আহি বিপিএফ দলত স্বতঃস্ফূৰ্ত ভাবে যোগদান কৰিছে। এইয়া বিপিএফৰ বাবে এক শুভ লক্ষণ। এইবাৰ মই শুক্লাই।চেৰফাং সমষ্টিত ৮ ৰ পৰা ৯ হাজাৰ ভোটৰ ব্যৱধানত জয় লাভ কৰাটো নিশ্চিত বুলিও দাবী কৰে গণেশ কছাৰীয়ে।