শুক্লাইচেৰফাং সমষ্টিত প্ৰদীপ নাৰ্জাৰীৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ
বিটিআৰ নিৰ্বাচনৰ মাত্ৰ কেইটামান দিন বাকী থাকোঁতেই প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএলৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে আৰম্ভ কৰিছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।
২৯ নং শুক্লাইচেৰফাং পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী প্ৰদীপ নাৰ্জাৰী সমষ্টিৰ প্ৰতিটো চুক চাপৰি পৰিদৰ্শন কৰি জনসভা আৰু সমিতি অনুষ্ঠিত কৰিছে।
প্ৰাৰ্থী গৰাকীয়ে প্ৰতিটো সমাবেশত জনগণক আহ্বান জনাই কয় —
👉 “সম উন্নয়ন আৰু সম অধিকাৰ নিশ্চিত কৰিবলৈ ২২ ছেপ্টেম্বৰত টেক্টৰ ছবিত ভোট দিয়ক।”
ইয়াৰে সৈতে প্ৰদীপ নাৰ্জাৰীয়ে ৰাইজক ইউপিপিএলৰ লক্ষ্য আৰু আগ্ৰহবোৰ জনাই সমষ্টিত নিজৰ সমৰ্থন বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।