লেব্ৰাশান্তিপুৰত মেলেৰীয়াৰ পাদুৰ্ভাৱঃ
আক্ৰান্ত অঞ্চল পৰভ্ৰমন জিলা আয়ুক্তৰ ৷
তামুলপুৰঃ৩জুনঃ
বাকসা আৰু তামুলপুৰ জিলাৰ ভাৰত – ভূটান সীমান্তৰ মধ্যস্থল লেব্ৰাশান্তিপুৰ গাঁৱত ২৮ মেৰ পৰা মেলেৰিয়া ৰোগৰ পাদুৰ্ভাৱ হৈ সোতৰ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে এগৰাকী লোক মৃত্যু মুখত পৰে। ভিতৰুৱা সীমান্তবৰ্তী অঞ্চলটোত মেলেৰীয়া ৰোগৰ পাদুৰ্ভাৱ হোৱাৰ খবৰ লাভ কৰিয়েই বাকসা জিলা স্বাস্থ্য বিভাগে অধিক তৎপৰতাৰে গাঁৱখনত প্ৰতিকূল বতৰকো নেওচা দি স্বাস্থ্যকৰ্মী বিষয়া সকলে যুদ্ধংংদেহী ভাৱে সেৱা আগবঢ়ই মেলেৰিয়া ৰোগৰ সংক্ৰমন ৰোধ কৰিবলৈ সক্ষমতা হয় ৷ ২৯ মেত তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰ ৰ অধ্যক্ষ কাতিৰাম বড়োৱে নিজে খোজ কাঢ়ি বিপদসংকুল ভাৱে লেব্ৰানদী অতিক্ৰম কৰি মেলেৰীয়া আক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি সমগ্ৰ অঞ্চলটোৰ বুজ লৈ তাৎক্ষণিক ভাৱে জিলা স্বাস্থ্য বিভাগক গাঁৱ খনৰ মেলেৰীয়া আক্ৰান্ত লোক সকলৰ চিকিৎসাৰ দিহা কৰে। ইতিমধ্যে অবিভক্ত বাকসা জিলাৰ মেলেৰীয়া বিভাগে তৎপৰতাৰে তাত উপস্থিত হৈ দিনে নিশাই কাম কৰি লোক সকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পৰা ৰোগ বিধৰ অৱস্থান ধৰা পেলাই আৰু নিৰাময়ৰ বাবে অধিক তৎপৰ হৈ উপযুক্ত চিকিৎসা সেৱা আগবঢ়ায় ৷ তামুলপুৰ জিলা আয়ুক্তই সমগ্ৰ দিশ নজৰত ৰাখি স্বাস্থ্য বিভাগক সম্পূৰ্ণ সহযোগ কৰি বিহিত ব্যৱস্থা গ্ৰহন কৰাৰ লগতে গাঁৱখনৰ প্ৰতিঘৰ লোকৰ মেলেৰিয়া ৰোগ নিয়ন্ত্ৰণৰ বাবে ৰোগ প্ৰতিৰোধী আঠুৱা বিতৰন ,ঔষধ বিতৰন, কৰাৰ লগতে ৰাইজক সজাগতা অনাৰ বাবে সকলো প্ৰকাৰৰ সেৱা আগবঢ়ায় ৷ আজি তামুলপুৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক শশীন্দ্ৰ দাস, মেলেৰিয়া বিষয়া ৰহিম আহমেদ, সহকাৰী মেলেৰিয়া বিষয়া হেমকান্ত বড়ো, সহ জিলা স্বাস্থ্য বিভাগৰ এটি সু বৃহৎ দলে গাঁৱখন ত উপস্থিত হৈ সকলো বিষয় তদাৰক কৰে। গাঁৱ খনৰ মেলেৰিয়া ৰোগৰ লক্ষণ, সংক্ৰমণ ৰোধ, নিৰাময়ৰ বাবে সকলো প্ৰকাৰ ব্যৱস্থা কৰাৰ উপৰিও গুৱাহাটীস্থিত ৰাষ্ট্ৰীয় মেলেৰীয়া গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী আৰু চিকিৎসকৰ দল লগত লৈ লেব্ৰাশান্তিপুৰ গাঁৱ পৰিদৰ্শন কৰি আক্ৰান্ত সকলৰ অৱস্থাৰ বুজ লৈ চিকিৎসা সেৱা তদাৰক কৰে। ইপিনে ৰাষ্ট্ৰীয় মেলেৰীয়া গৱেষণা প্ৰতিষ্ঠানৰ বিষয়া কৰ্মচাৰীৰ দলটোৱে গাঁৱ খনত মেলেৰীয়া ৰোগৰ পাদুৰ্ভাৱৰ কাৰন সমূহ তন্ন তন্ন কৈ বিশ্লেষণ কৰাৰ কাৰনে এক জৰীপ চলায় ৷ জিলা মেলেৰীয়া বিষয়া ৰহিম আহমেদে জনোৱা মতে এতিয়া গাঁৱ খনৰ মেলেৰিয়া আক্ৰান্ত সকল সম্পূৰ্ণ সুস্থ ৷ ৰোগবিধৰ সংক্ৰমণো নিয়ন্ত্ৰণত আহিছে ৷