BTR NEWS

লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক : 

Telegram

লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক : 

 

তামুলপুৰ , ৯ ছেপ্টেম্বৰ :

 

আমি ঐতিহাসিক অসম চুক্তিক সন্মান কৰোঁ । অসম চুক্তিক মান্যতা দিওঁ । অসম চুক্তি মতে ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত যি সকল মানুহ আহিছে তেওঁলোকে ডি ভোটাৰৰ নামত শাস্তি পাব নালাগে —- এই ভাষ্য সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি দীপক দেৰ । ডি ভোটাৰৰ সমস্যাক লৈ আজি তামুলপুৰ জিলাৰ লতিবাৰীত উপস্থিত হৈ সাংবাদিকৰে হোৱা বাৰ্তালাপত তেওঁ এই মন্তব্য কৰে । তেওঁ আকৌ কয় — যি দৰে গোর্খা আৰু কোঁচ ৰাজবংশী সকলৰ ডি ভোটাৰৰ সমস্যাৰ গোচৰ সমূহ অসম চৰকাৰে প্ৰত্যাহাৰ কৰিলে ঠিক তেনেদৰে বাঙালী সকলৰো ডি ভোটাৰৰ সমস্যাৰ পৰা মুক্ত কৰিব লাগে । তেওঁ পুনৰ কয় ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছৰখিনি কি কৰে সেয়া আমাৰ কবলগীয়া নাই । কিন্তু তাৰ আগতে অহা হিন্দু বাঙালী সকলৰ ডি ভোটাৰৰ যি অপমান আছিল সেই অপমানৰ পৰা আমাক মুক্ত কৰিব লাগে । তেওঁ আকৌ কয়

ডি ভোটাৰক লৈ কোনেও ৰাজনৈতিক ইছ্যু কৰিব নালাগে, কোনো ৰাজনৈতিক দলে ৰাজনীতি কৰিব নালাগে বা আমিও ৰাজনৈতিক ইছ্যু বনাব বিচৰা নাই। আমাৰ জাতিটো যাতে অসমত মান সন্মান সহকাৰে জীয়াই থাকিব পাৰে তাৰ বাবেহে আমি এই আন্দোলন কৰিছোঁ । আমি আমাৰ আত্মসন্মানৰ বাবে আন্দোলন কৰিছোঁ। কাৰণ ভাৰত স্বাধীনতাত বাঙালী সকলৰ যথেষ্ট অৱদান আছে। আমি কাৰোবাক ভোটত জিকাবৰ বাবে অথবা হৰুৱাবৰ বাবে আন্দোলন কৰা নাই। আগন্তুক দুই দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়ত আলোচনাত বহিব বুলি জানিবলৈ দিয়ে সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতিজনে । এই আলোচনাত যদি ফলপ্ৰসূ সমাধান নোলায় তেতিয়াহলে আমি এই আন্দোলন অনাগত দিনটো অব্যাহত ৰাখিম বুলিও তেওঁ সদৰী কৰে । উল্লেখযোগ্য যে আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনে তামুলপুৰ জিলাৰ লক্ষ্মীনাৰায়ণপুৰ আৰু লতিবাৰীত ডি ভোটাৰৰ সমস্যক লৈ বুদ্ধিজীৱীসকলৰ সতে আলোচনাত মিলিত হয় । লতিবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত লতিবাৰীত অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰে সদৌ বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি হৰেন দাসে । সভাখনত সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সম্পাদক অধীৰ আৰ্য , তামুলপুৰ জিলা সমিতিৰ সভাপতি দেৱব্ৰত চৰকাৰ , নাগ্ৰিজুলী আঞ্চলিক সমিতিৰ সভাপতি মিথুন দাস , লতিবাৰী অঞ্চলিক সমিতিৰ সম্পাদক ৰামানন্দ দাসকে ধৰি কেইবাজনো নেতা কৰ্মী উপস্থিত থাকে । ###

Exit mobile version