যুৱ নেতা বিশ্বজিত বসাকৰ উদ্যোগত জৈৱবৈচিত্ৰৰ সংৰক্ষণ আৰু প্লাষ্টিক প্ৰদূষণ ৰোধৰ ওপৰত সজাগতামূলক সভা। 

Telegram

যুৱ নেতা বিশ্বজিত বসাকৰ উদ্যোগত জৈৱবৈচিত্ৰৰ সংৰক্ষণ আৰু প্লাষ্টিক প্ৰদূষণ ৰোধৰ ওপৰত সজাগতামূলক সভা। 

 

তামুলপুৰ জিলাৰ মহেন্দ্ৰনগৰ বজাৰত আজি যুৱ নেতা বিশ্বজিত বসাকৰ উদ্যোগত আৰু মহেন্দ্ৰনগৰ বজাৰ উন্নয়ন সমিতিৰ সহযোগত অনুষ্ঠিত হয় জৈৱবৈচিত্ৰৰ সংৰক্ষণ আৰু প্লাষ্টিক প্ৰদূষণ ৰোধ শীৰ্ষক এক সজাগতামূলক সভা। মহেন্দ্ৰনগৰ বজাৰ উন্নয়ন সমিতিৰ সভাপতি মাধৱ ছেত্ৰীয়ে আঁত ধৰা উক্ত সজাগতা সভাত অঞ্চলটোৰ জেষ্ট নাগৰিক তথা পৰিৱেশ ক্ষেত্ৰত অনশৰ সেৱা আগবঢ়াই অহা এছ এছ বীৰ জোৱান, বন বিভাগৰ লোকেও উপস্থিত থাকে উক্ত অনুষ্ঠানত। সভাত অঞ্চলটোৰ জেষ্ট নাগৰিক তথা প্ৰাক্তন প্ৰধান শিক্ষক নৱ কুমাৰ সৰকাৰে সাম্প্ৰতিক সময়ত প্লাষ্টিৰ ব্যৱহাৰ আৰু গছ গছনি কাটি তহিলং হোৱা সন্দৰ্ভত বিশদ ভাৱে বাখ্যা আগবঢ়াই যুৱ নেতা বিশ্বজিত দাসৰ দৰে আন লোককো এইদৰে পদক্ষেপ লবলৈ অনুৰোধ জনায়। একেদৰে স্থানীয় সচেতন নাগৰিক তথা প্ৰাক্তন শিক্ষক উপেন ছেত্ৰীয়েও জনসমাজত পৰিৱেশতন্ত্ৰৰ ওপৰত সাধাৰণ ৰাইজক সজাগ আৰু সচেতন লোৱাৰ বাবে আহ্বান জনায়। সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত যুৱ নেতা বিশ্বজিত বসাকে কয় যে, ব্যস্তপূৰ্ণ এই সময়ত প্লাষ্টিকৰ ব্যৱহাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে। যি পৰিৱেশৰ ভাৰসাম্যৰ ক্ষেত্ৰত যথেষ্ট ক্ষতিকাৰক। প্ৰকৃতিৰ বুকুত গছ গছনি নহলে জীৱৰ জীয়াই থাকিবলৈ এটা সময়ত অধিক প্ৰত্যাহ্বান সৃষ্টি হব। যাৰ বাবে আমাৰ সমাজৰ নৱ প্ৰজন্মই এই সন্দৰ্ভত বুজি উঠাৰ লক্ষ্যৰে এই কাৰ্যসূচী লোৱা হৈছে আৰু আগন্তুক সময়তো এনে কাৰ্যসূচী কৰি যাম বুলি উল্লেখ কৰে। উক্ত গাম্ভীৰ্যপূৰ্ণ সজাগতা সভাৰ পিছতে স্থানীয় লোকৰ সৈতে মহেন্দ্ৰনগৰ বজাৰৰ আশে পাশে, নিম, আমলখিৰ লগতে বিভিন্ন ঔষধিগুণ সম্পন্ন গছৰোপন কৰি চাফাই অভিযান ৰূপায়ন কৰা হয়। অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে অংশ লয় নাগ্ৰিজুলী বন শিবিৰৰ বিষয়া সমৰজ্যোতি বড়ো,এছ এছ বীৰ জোৱান আৰু বন বিভাগৰ কর্মী সকল। একেদৰে মহেন্দ্ৰনগৰ বজাৰ উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক মানিক সাহা,গেৰেমাছা,গয়বাৰী চয়পত্ৰি ফাউণ্ডেচন, মাছকেড, গেৰেমচা নামৰ সংস্থা সমূহৰ লোকেও অংশগ্ৰহণ কৰে।ৰাইজৰ মাজত পৰিৱেশ সচেতনতা আৰু প্লাষ্টিকৰ ভয়াৱহতা সম্পৰ্কে যুৱ নেতা বিশ্বজিত বসাকে অনুষ্ঠিত কৰা এনে কাৰ্যসূচীৰ বাবে প্ৰশংসা কৰিছে একাংশ জনতা।

  • Related Posts

    • Current
    • June 15, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন।

    Telegram

    TelegramTweetতামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন।   তামুলপুৰ, ১৫ জুন   তামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱনটো আজি এক মাংগলিক পৰিৱেশৰ মাজেৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়।…

    • Current
    • June 15, 2025
    • 4 views
    • 1 minute Read
    ১৫সংখ্যক দক্ষিণ এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত ভাৰতৰ য়াজিক হিলাঙে স্বৰ্ণ পদক জয় কৰে 🇮🇳🥇

    Telegram

    TelegramTweet১৫সংখ্যক দক্ষিণ এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত ভাৰতৰ য়াজিক হিলাঙে স্বৰ্ণ পদক জয় কৰে 🇮🇳🥇   ভূটানৰ থিম্ফুত অনুষ্ঠিত ১৫সংখ্যক South Asian Bodybuilding and Physique Sports Championship-ত ভাৰতৰ গৌৰৱ বৃদ্ধি কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *