BTR NEWS

যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেত গ্ৰীষ্মকালীন বিশেষ ৰেলৰ চলাচল

Telegram

যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেত গ্ৰীষ্মকালীন বিশেষ ৰেলৰ চলাচল

 

মালিগাওঁ, ০৭ এপ্ৰিল, ২০২৫:

 

উত্তৰ-পূব সীমান্ত ৰেলৱেত, ২০২৫ বৰ্ষৰ আগন্তুক গ্ৰীষ্মৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে আৰু চাৰিযোৰ (০৪) গ্ৰীষ্মকালীন বিশেষ ৰেল পৰিচালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ৰে’লসমূহ ৮ এপ্ৰিলৰ পৰা ৩ মেলৈ এছএমভিটি বেঙ্গালুৰু-নাৰেংগী ষ্টেচনৰ মাজত, ১২ এপ্ৰিলৰ পৰা ৩০ জুনলৈ ডিব্ৰুগড়- কলকাতা ষ্টেচনৰ মাজত, ৯ এপ্ৰিলৰ পৰা ৩ মেলৈ এছএছএছ হুব্বালি- কাটিহাৰ ষ্টেচনৰ মাজত আৰু ১০ এপ্ৰিলৰ পৰা ২৭ জুন, ২০২৫ লৈ শিলচৰ-কলকাতা ষ্টেচনৰ মাজত চলাচল কৰিব।

 

বিশেষ ৰেল নং ০৬৫৫৯ (এছএমভিটি বেংগালুৰু – নাৰেংগী) গ্ৰীষ্মকালীন বিশেষ ৮ এপ্ৰিল, ২০২৫ (মঙলবাৰে)তাৰিখে ২৩:৪০ বজাত এছএমভিটি বেঙ্গালুৰুৰ পৰা প্ৰস্থান কৰি শুক্ৰবাৰে ৫:০০ বজাত নাৰেংগীত গৈ উপস্থিত হব। একেদৰে, ৰেল নং ০৬৫৬০ (নাৰেংগী – এছএমভিটি বেংগালুৰু) গ্ৰীষ্মকালীন বিশেষ ১২ এপ্ৰিল, ২০২৫ (শনিবাৰ)তাৰিখে ০৫:৩০ বজাত নাৰেংগীৰ পৰা যাত্ৰা কৰি সোমবাৰে ০৯:৪৫ বজাত এছএমভিটি বেংগালুৰুত গৈ উপস্থিত হ’ব। দুয়োখন ৰেল ০৪ টা ট্ৰিপৰ বাবে চলাচল কৰিব।

 

বিশেষ ৰেল নং ০৫৯৩২ (ডিব্ৰুগড়- কলকাতা) গ্ৰীষ্মকালীন বিশেষ ১২ এপ্ৰিল, ২০২৫ (শনিবাৰে) ১৭:২০ বজাত ডিব্ৰুগড়ৰ পৰা প্ৰস্থান কৰি সোমবাৰে ০০:৩০ বজাত কলকাতাত গৈ উপস্থিত হব। একেদৰে, ৰেল নং ০৫৯৩১ (কলকাতা- ডিব্ৰুগড়) গ্ৰীষ্মকালীন বিশেষ ১৪ এপ্ৰিল, ২০২৫ (সোমবাৰে) ০২:৩০ বজাত কলকাতাৰ পৰা প্ৰস্থান কৰি মঙলবাৰে ০৬:৩০ বজাত ডিব্ৰুগড়ত গৈ উপস্থিত হব। উভয় ৰেল ১২ টা ট্ৰিপৰ বাবে চলাচল কৰিব।

 

বিশেষ ৰেল নং ০৭৩২৫ (এছএছএছ হুব্বালি – কাটিহাৰ) গ্ৰীষ্মকালীন বিশেষ ৯ এপ্ৰিল, ২০২৫ (বুধবাৰে) ১৫:১৫ বজাত হুব্বালিৰ পৰা প্ৰস্থান কৰি শুক্ৰবাৰে ১৩:০০ বজাত কাটিহাৰত গৈ উপস্থিত হব। একেদৰে, ৰেল নং ০৭৩২৬ (কাটিহাৰ – এছএছএছ হুব্বালি) গ্ৰীষ্মকালীন বিশেষ ১২ এপ্ৰিল, ২০২৫ (শনিবাৰে) ১৪:৩০ বজাত কাটিহাৰৰ পৰা প্ৰস্থান কৰি সোমবাৰে ১০:৫০ বজাত হুব্বালিত গৈ উপস্থিত হব। উভয় ৰেল ০৪ টা ট্ৰিপৰ বাবে চলাচল কৰিব।

 

বিশেষ ৰেল নং ০৫৬৩৯ (শিলচৰ- কলকাতা) গ্ৰীষ্মকালীন বিশেষ ১০ এপ্ৰিল, ২০২৫ (বৃহস্পতিবাৰে) ০৫:০০ বজাত শিলচৰৰ পৰা প্ৰস্থান কৰি শুক্ৰবাৰে ১২:০৫ বজাত কলকাতাত গৈ উপস্থিত হব। একেদৰে, ৰেল নং ০৫৬৪০ (কলকাতা- শিলচৰ) গ্ৰীষ্মকালীন বিশেষ ১১ এপ্ৰিল, ২০২৫ (শুক্ৰবাৰে) ১৩:১৫ বজাত কলকাতাৰ পৰা প্ৰস্থান কৰি শনিবাৰে ২৩:৫০ বজাত শিলচৰত গৈ উপস্থিত হব। দুয়োখন ৰেল ১২ টা ট্ৰিপৰ বাবে চলাচল কৰিব।

 

এই বিশেষ ৰেলসমূহৰ ষ্টপেজ আৰু সময়সূচী বিশদ বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

Exit mobile version