যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰাৰ বাবে  উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা কেইখনমান উৎসৱ বিশেষ ৰেলৰ পৰিচালন 

Telegram

যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰাৰ বাবে

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা কেইখনমান উৎসৱ বিশেষ ৰেলৰ পৰিচালন

 

 

মালিগাঁও, ১ নৱেম্বৰ, ২০২৪:

 

 

উৎসৱ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা আৰু চাৰিখন উৎসৱ বিশেষ ৰেল পৰিচালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ৰেলসমূহ নিউ কোচবিহাৰ- শিয়ালদহ, কাটিহাৰ- উধনা, কাটিহাৰ – অমৃতসৰ আৰু কলকাতা – সহৰচাৰ মাজত চলাচল কৰিব।

 

বিশেষ ৰেলসমূহৰ বিৱৰণ নিম্নলিখিত ধৰণেৰে হব:

ৰেল নং ০৫৪৭৪ (নিউ কোচবিহাৰ – শিয়ালদহ) ৱান ৱে বিশেষ নিউ কোচবিহাৰৰ পৰা ০১ নৱেম্বৰ, ২০২৪ তাৰিখে ২১:৩০ বজাত প্ৰস্থান কৰি পিছদিনা ১০:০০ বজাত শিয়ালদহত গৈ উপস্থিত হব।

ৰেল নং ০৯০৪৭ (উধনা – কাটিহাৰ) বিশেষ উধনাৰ পৰা ১ নৱেম্বৰ, ২০২৪ তাৰিখে ০০:২০ বজাত প্ৰস্থান কৰি পিছদিনা ১৪:০০ বজাত কাটিহাৰত গৈ উপস্থিত হব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৯০৪৮ (কাটিহাৰ – উজ্জয়িনী) বিশেষ ০২ নৱেম্বৰ, ২০২৪ তাৰিখে ১৭:০০ বজাত কাটিহাৰৰ পৰা প্ৰস্থান কৰি পিছদিনা ২৩:৩০ বজাত উজ্জয়িনী গৈ উপস্থিত হব।

ৰেল নং ০৪৬৬৪ (অমৃতসৰ – কাটিহাৰ) বিশেষ ০২ নৱেম্বৰ, ২০২৪ তাৰিখে ১৩:২৫ বজাত অমৃতসৰৰ পৰা প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ০৩:০০ বজাত কাটিহাৰত গৈ উপস্থিত হব। একেদৰে, ৰেল নং. ০৪৬৬৩ (কাটিহাৰ- অমৃতসৰ) বিশেষ ০৪ নৱেম্বৰ, ২০২৪ তাৰিখে ০৬:০০ বজাত কাটিহাৰৰ পৰা প্ৰস্থান কৰি পিছদিনা ২০:০০ বজাত অমৃতসৰত গৈ উপস্থিত হ’ব।

ৰেল নং ০৩১১৭ (কলকাতা – সহৰচা) বিশেষ ০২ নৱেম্বৰ, ২০২৪ তাৰিখে ০৮:৫০ বজাত কলকাতাৰ পৰা প্ৰস্থান কৰি একেদিনাই ২২:০০ বজাত সহৰচাত গৈ উপস্থিত হব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৩১১৮ (সহৰচা – কলকাতা) বিশেষ ৩ নৱেম্বৰ, ২০২৪ তাৰিখে ০১:০০ বজাত সহৰচাৰ পৰা প্ৰস্থান কৰি একেদিনাই ১৫:৩০ বজাত কলকাতাত গৈ উপস্থিত হব।

 

এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ চ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

Related Posts

Hon’ble Union MoS for Health & Family Welfare, Smti. Anupriya Patel meets Meghalaya CM Conrad K. Sangma

Telegram

TelegramTweetHon’ble Union MoS for Health & Family Welfare, Smti. Anupriya Patel meets Meghalaya CM Conrad K. Sangma   📍 Shillong | June 2025   The Hon’ble Union Minister of State…

পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত নিৰীহ লোকসকলৰ কাষত মন্ত্ৰী অতুল বৰা

Telegram

TelegramTweetপহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত নিৰীহ লোকসকলৰ কাষত মন্ত্ৰী অতুল বৰা   পাকিস্তান পৰাষিত সন্ত্ৰাসবাদীসকলে পহেলগামত চলোৱা এক বর্বর আক্ৰমণত নিহত হোৱা নিৰীহ লোকসকলৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰি আজি অসম…

Leave a Reply

Your email address will not be published. Required fields are marked *