মৰাণৰ খোৱাং চাহ বাগিচাত চাহ শ্ৰমিকৰ সৈতে কৰম নাচিলে লুৰীণজ্যোতি গগৈ

  • Current
  • September 3, 2025
  • 0 Comments
Telegram

মৰাণৰ খোৱাং চাহ বাগিচাত চাহ শ্ৰমিকৰ সৈতে কৰম নাচিলে লুৰীণজ্যোতি গগৈ

 

মৰাণ, ৩ ছেপ্টেম্বৰঃ

আদিবাসী চাহ জনগোষ্ঠীৰ পৰম্পৰাগত পবিত্ৰ পৰ্ব কৰম পূজা উপলক্ষে আজি মৰাণৰ খোৱাং চাহ বাগিচাৰ চৰচাবাৰী লাইনৰ চাহ শ্ৰমিকসকলে বিশেষ কাৰ্যসূচী আয়োজন কৰে।

 

এই বিশেষ পূজা অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। চাহ শ্ৰমিকসকলে পূৰ্বতে সম্ভাষণ জনাই অতিথিগৰাকীক আদৰণি জনায়। তাৰ পাছতে চাহ শ্ৰমিক মহিলাসকলে আৰম্ভ কৰা ঐতিহ্যবাহী ঝুমুৰ নৃত্য আৰু কৰম নাচত অংশ লয় লুৰীণজ্যোতি গগৈয়ে।

 

সাংস্কৃতিক মিলনৰ এই মুহূৰ্তত তেওঁ চাহ শ্ৰমিক মহিলাসকলৰ সৈতে একত্ৰ হৈ নাচি উপস্থিত সকলোকে আনন্দ দান কৰে।

 

উল্লেখযোগ্য যে, আদিবাসী চাহ জনগোষ্ঠীৰ এই পৰম্পৰাগত কৰম পূজা পৰ্ব মাটিকুৰি, ফসলৰ সমৃদ্ধি আৰু সমাজত সম্প্ৰীতি বজাই ৰখাৰ প্ৰতীক ৰূপে উদযাপন কৰা হয়।

 

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি লুৰীণজ্যোতি গগৈয়ে আশা প্ৰকাশ কৰে যে,

“আদিবাসী চাহ জনগোষ্ঠীৰ পবিত্ৰ কৰম পৰ্বে অসমবাসীৰ মাজত শান্তি, সম্প্ৰীতি আৰু সমৃদ্ধি কঢ়িয়াই আনিব।”

 

স্থানীয় চাহ শ্ৰমিকসকলৰ লগতে গ্ৰামবাসীও এই অনুষ্ঠানত উৎসাহভৰে অংশগ্ৰহণ কৰে।

  • Related Posts

    • Current
    • September 9, 2025
    • 2 views
    • 1 minute Read
    লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক : 

    Telegram

    TelegramTweetলতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক :    তামুলপুৰ , ৯ ছেপ্টেম্বৰ :   আমি ঐতিহাসিক অসম চুক্তিক সন্মান কৰোঁ । অসম চুক্তিক মান্যতা…

    • Current
    • September 8, 2025
    • 12 views
    • 1 minute Read
    নাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। 

    Telegram

    TelegramTweetনাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন।  ৮ ছেপ্টেম্বৰ-   সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলি বজাৰ চৌহদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *