মৌলবাদীৰ ঘাটি উৎখাত কৰাৰ বাবে তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ ১১ ঘন্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ন
তামুলপুৰ ৪ ছেপ্তেম্বৰ ::
অসমৰ পৰা অবৈধ বাংলাদেশী বিতাৰন , মৌলবাদীৰ ঘাটি উৎখাত আৰু অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবীত তামুলপুৰ জিলা ছাত্ৰ সন্থাই আজি পুৱা ১১ বজাৰ পৰা এঘাৰঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷ সন্থাৰ মুখ্য কাৰ্যালয়ত ৰূপায়ন কৰা অনশন কাৰ্যসূচীত অংশ গ্ৰহন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদকডুলুজিৎ দাসে কয়- অসম চুক্তি স্বাক্ষৰিত হোৱা আজি চল্লিশ বছৰে বিদেশী বিতাৰনৰ বাবে আজিও সদৌ অসম ছাত্ৰ সন্থাই অনশনত বহিবলগীয়া হোৱাটো চৰকাৰৰ বাবে লজ্জাজনক ৷ অসমত বিদেশী থকা বুলি ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ আছুই চলোৱা বিদেশী বিতাৰনৰ আন্দোলনৰ ফলত অসম চুক্তি স্বাক্ষৰিত হোৱা বুলি তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে লালকিল্লাৰ পৰাই ঘোষনা কৰিছিল ৷ কিন্তু চল্লিশ বছৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমকে ধৰি কেইখনমান ৰাজ্যত অনুপ্ৰৱেশকাৰীয়ে জনগাঠনি সলনি কৰা উল্লেখ কৰা মন্তব্যৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- এই কথাটো সদৌ অসম ছাত্ৰ সন্থাই চল্লিশ বছৰ আগতেই উল্লেখ কৰিছিল ৷ বিপ্লৱ শৰ্মাৰ নেতৃত্বত সমিতি এখন গঠন কৰি দাড়ি , কমা সকলো কাৰ্যকৰী হব বুলি গৃহমন্ত্ৰী অমিত চাহে কৈছিল কিন্তু আজি তিনি চাৰি বছৰে পৰামৰ্শৱলী কাৰ্যকৰী নহ”ল ৷ অসম চুক্তিয়ে কৈছে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিচত অহা সকলো বিদেশী অসম এৰিব লাগিব বুলি কিন্তু জঘন্য কা আইন জাপি দি ভোটৰ আশাত হিন্দু বাংলাদেশীক সুৰক্ষা প্ৰদান কৰা হৈছে ৷ ডুলুজিৎ দাসে পুনৰ কয় – অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰক , মৌলবাদী শক্তি উৎখাত কৰক আৰু ভাৰত- বাংলাদেশ সীমান্ত ছীল কৰক ৷ অনশন স্থলীত তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অনুপ কলিতাই কয় – অসম চুক্তিখন আখৰে আখৰে ৰূপায়ন কৰক ৷ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন হোৱা পৰিমৰ্শৱলী শীঘ্ৰে কাৰ্যকৰী কৰক ৷ অসমৰ পৰা মৌলবাদীৰ ঘাটি উৎখাত কৰক আৰু ভাৰত – বাংলাদেশ সীমান্ত ছীল কৰক ৷ অনশন কাৰ্যসূচীত তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, কৰ্মী , তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া , অসম উন্নতি সভাৰ বিষয়ববীয়া আৰু অসম সেনাৰ তামুলপুৰ জিলা সমিতিৰ বিষয়ববীয়াসকলে অংশ গ্ৰহন কৰে ৷