
মেন্দিপথাৰ ৰেল ষ্টেচনত মালবাহী ৰেলৰ প্ৰথমখন ৰেক আনলোডিং
মালিগাওঁ, ০৬ ফেব্ৰুৱাৰী, ২০২৫:
উত্তৰ-পূৰ্ব্বাঞ্চলত ৰে’লৱে সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য হিচাপে, উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰঙিয়া মণ্ডলৰ অন্তৰ্গত মেঘালয়ৰ মেন্দিপথাৰ (এমএনডিপি) ৰে’ল ষ্টেচনে ৪ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে প্ৰথমবাৰৰ বাবে মালবাহী ৰেকৰ আনলোডিঙত সফলতা অৰ্জন কৰে। ভাৰতীয় খাদ্য নিগমৰ বাবে খাদ্যশস্যৰ ২১ টা ৱাগনৰ এই ৰেকখন পুৱা ০৯:২০ বজাত মেন্দিপথাৰ ষ্টেচনত উপস্থিত হয় আৰু পুৱা ০৯:৪০ বজাত আনলোডিঙৰ ব্যৱস্থা কৰা হয়। ইয়াৰ জৰিয়তে মেঘালয়ত প্ৰথমবাৰৰ বাবে মালবাহী ৰেলৰ আনলোডিং সম্পন্ন কৰা হয়।
২৯ আগষ্ট, ২০১৪ ৰ পৰা সেৱা আগবঢ়োৱা মেন্দিপথাৰ ৰেল ষ্টেচন হৈছে মেঘালয়ৰ প্ৰথমটো ৰেল ষ্টেচন। ইয়াত চাৰিটা ৰেলৱে লাইন আছে আৰু মালবাহী ৰেল হেণ্ডলিঙৰ বাবে এক প্ৰশস্ত সামগ্ৰী পৰিবহন এলেকা আছে। স্থানীয় অৰ্থনীতিক উৎসাহিত কৰা আৰু অঞ্চলটোত অত্যাৱশ্যকীয় সামগ্ৰীৰ সুগম চলাচলৰ সুবিধাৰ্থে এই সফলতা হৈছে ষ্টেচনটোৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ই লগতে ট্ৰাক, শ্ৰমিক আৰু সামগ্ৰী পৰিচালনৰ দক্ষতাসহ ষ্টেচনটোত আনুষঙ্গিক সেৱাৰ প্ৰস্তুতি আৰু উপলব্ধতা ও প্ৰদৰ্শিত হৈছে।
সামগ্ৰীৰ সুগম আৰু দক্ষ পৰিবহন প্ৰক্ৰিয়াই উত্তৰ পূব সীমান্ত ৰেলৱেৰ সামগ্ৰিক প্ৰদৰ্শন উন্নত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ সমগ্ৰ টীমটোৱে অঞ্চলটোত উন্নত প্ৰযুক্তি, ৰেলৰ দ্ৰুত চলাচল আৰু সামগ্ৰীৰ অধিক দক্ষ পৰিবহনৰ জৰিয়তে অঞ্চলটোত সামগ্ৰী পৰিবহন আৰু অধিক উন্নত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মেন্দিপথাৰ ৰে’ল ষ্টেচনে মেঘালয়লৈ মালবাহী ৰেল চলাচলৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশৰ প্ৰতিশ্ৰুতি দিয়ে, যিয়ে ৰাজ্যসমূহৰ উন্নয়নত অৰিহণা যোগোৱাৰ লগতে উত্তৰ-পূৰ্ব্বাঞ্চলত ৰে’লৱে নেটৱৰ্ক অধিক শক্তিশালী কৰি তুলিব।