
মেঘালয়ত ভয়ংকৰ পথ দুৰ্ঘটনা: এটি শিশুসহ ৫ জনৰ মৃত্যু
দেওবাৰে সন্ধিয়া মেঘালয়ত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। শিলচৰ-ডাউকী পথৰ ৰংগাইনৰ সমীপত এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৭০ ফুট তললৈ বাগৰি পৰে।
এই ভয়ংকৰ দুৰ্ঘটনাত দুগৰাকী মহিলা, এটি শিশুসহ মুঠ পাঁচজন লোকে প্ৰাণ হেৰুৱায়।
সূত্ৰ অনুসৰি, বাহনখন ৰিভয়ৰ পৰা পাইনুৰ্ছলালৈ গৈ আছিল। অকোৱা-পকোৱা পথ, পাহাৰীয়া অঞ্চল আৰু কম দৃশ্যমানতাৰ বাবে বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় বুলি সন্দেহ কৰা হৈছে।
দুৰ্ঘটনাৰ পাছত স্থানীয় ৰাইজ আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে। ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।