BTR NEWS

মুখ্যমন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী প্ৰয়াস ৰক্তদানেৰে গাব মানৱতাৰ গান

Telegram

ৰক্তদান জীৱনদান

ৰক্তদান মহান দান

 

মুখ্যমন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী প্ৰয়াস

ৰক্তদানেৰে গাব মানৱতাৰ গান

 

এটুপি ৰক্তই কাৰোবাৰ জীৱন বচাব পাৰে , এটুপি ৰক্তই দিব পাৰে জীয়াই থকাৰ প্ৰেৰণা, সমন্বয়ৰ বাৰ্তা

 

ৰক্তদান মহান দান মূলমন্ত্ৰৰে এক বিশাল আয়োজন ৷ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত অসমে গঢ়িব এক অভিলেখ, হেজাৰ হেজাৰ জনতাই গাব মানৱতাৰ গান৷

ইতিমধ্যে কোকৰাঝাৰত সাজু হৈ উঠিছে বিশাল ৰক্তদানৰ শিবিৰ। জনপ্ৰিয় ইএম অৰূপ দে’ৰ প্ৰচেষ্টাত শ শ যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী জন্মদিন উপলক্ষে ৰক্তদান কৰি সমগ্ৰ দেশলৈ এক ত্যাগ আৰু সেৱাৰ বাৰ্তা দিবলৈ সাজু হৈ উঠিছে ৷ ১ফেব্ৰুৱাৰীত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী চিন্তানায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে এই ৰক্তদান শিৱিৰৰ বৃহৎ আয়োজন। 

কোকৰাঝাৰত বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীয়ে বিনামূলীয়া ৰক্তদান কৰি দুৰ্ঘটনা আৰু ৰোগত আক্ৰান্ত দেশৰ হেজাৰ হেজাৰ পৰিয়াললৈ এক ত্যাগৰ বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা কৰিব । অসমৰ মুখ্যমন্ত্ৰীৰ আদৰ্শৰে সমাজ আৰু মানুহৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছে সহস্ৰাধিক যুৱক যুৱতী৷

Exit mobile version