মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ দলৰ নেতা মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ ঘোষণা
মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ ঘোষণা কৰিছে। এই সন্দৰ্ভত এক এফআইআৰ পঞ্জীয়ন কৰা হ’ব আৰু ভিডিঅ’ ৰেকৰ্ডিংৰ পৰ্যালোচনাৰ জৰিয়তে ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই কথা তেওঁ সমাজিক মাধ্যমযোগে শ্বেয়াৰ কৰে।
এই ঘটনা কংগ্ৰেছৰ ‘ৰাজভৱন চলো’ কাৰ্যসূচীৰ সময়ত সংঘটিত হৈছিল। বুধবাৰৰ দিনা অনুষ্ঠিত এই কাৰ্যসূচীত অংশ লৈ থকা কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ মৃত্যুক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, কাৰ্যসূচীৰ সময়ত আৰক্ষীয়ে চলোৱা বৰ্বৰতাৰ ফলতেই মৃদুল ইছলামৰ মৃত্যু হয়।
এই ঘটনা কংগ্ৰেছ দলৰ পৰা তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰিছে। দলটোৱে আৰক্ষীৰ ভূমিকা আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বৰ চৰকাৰৰ ওপৰত কড়া সমালোচনা কৰিছে। তদন্তৰ ওপৰত ৰাজ্যবাসীয়ে বিশেষভাৱে নজৰ ৰাখিব বুলি আশা কৰা হৈছে।