BTR NEWS

মহানগৰীৰ কটকীপাৰাৰ জোংথিশ্ৰী সংঘৰ বাকৰিত হৰি ওম শ্মাইল সংস্থাৰ সহযোগত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ।

Telegram

মহানগৰীৰ কটকীপাৰাৰ জোংথিশ্ৰী সংঘৰ বাকৰিত হৰি ওম শ্মাইল সংস্থাৰ সহযোগত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ

 

 

মহানগৰীৰ কটকীপাৰাৰ জোংথিশ্ৰী সংঘৰ বাকৰিত হৰি ওম শ্মাইল সংস্থাৰ সহযোগত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত স্থানীয় জনগোষ্ঠীয় লোকসকলৰ স্বাস্থ্য পৰীক্ষা, বিনামূলীয়া ঔষধ বিতৰণ, আৰু তেজৰ নমুনা পৰীক্ষা কৰা হয়।

 

শিবিৰত প্রায় শতাধিক লোকে দেহৰ বিভিন্ন পৰীক্ষা কৰে। স্থানীয় লোকৰ বাবে এই ধৰণৰ বিনামূলীয়া স্বাস্থ্য পৰিসেবা অত্যন্ত লাভজনক আৰু জনসাধাৰণৰ মাজত বিশেষ সঁহাৰি লাভ কৰে।

 

অনুষ্ঠানটোৰ শুভাৰম্ভনি কৰে পাৰিষদ বিজু মেধিয়ে। হৰি ওম শ্মাইল সংস্থাই আগতে ৰাজপথত গছ ৰোপণৰ দৰে বিভিন্ন সমাজসেৱামূলক কাৰ্যসূচী হাতত লৈছে, আৰু এই চিকিৎসা শিবিৰ সেই প্ৰচেষ্টাৰেই এক অংগ। সংস্থাই পৰিৱেশ আৰু স্বাস্থ্য দুয়োটাই সুৰক্ষিত ৰখাৰ বাবে নিয়মিতভাৱে এইধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

 

Exit mobile version