মহাকুম্ভ মেলাত পদপিষ্ট হৈ মৃত্যু ৩০ জনলৈ বৃদ্ধি, নিহতৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা

  • Current
  • January 30, 2025
  • 0 Comments
Telegram

মহাকুম্ভ মেলাত পদপিষ্ট হৈ মৃত্যু ৩০ জনলৈ বৃদ্ধি, নিহতৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা

 

উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত সংঘটিত দুৰ্ভাগ্যজনক পদপিষ্ট ঘটনাত মৃতকৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি পাইছে। এই ঘটনাই দেশজুৰি শোকৰ ছাঁ পেলাইছে।

 

উত্তৰপ্ৰদেশ চৰকাৰে মৃতকৰ পৰিয়াললৈ ২৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। লগতে, এই ঘটনা সন্দৰ্ভত ন্যায়িক তদন্তৰো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

 

নিহত ৩০ গৰাকীৰ ভিতৰত অসমৰ নীতিৰঞ্জন পাল নামৰ এজন লোকো আছে। হাইলাকান্দিৰ বাসিন্দা নীতিৰঞ্জন পাল পবিত্ৰ স্নান কৰিবলৈ গৈ পদপিষ্ট হৈ মৃত্যুক আঁকোৱালি লয়।

 

ঘটনাটোৰ বাবে প্ৰয়াগৰাজত সুৰক্ষা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰশাসনক অধিক সজাগ থকাৰ নিৰ্দেশ দিছে, যাতে এতিয়া আগন্তুক দিনবোৰত কুম্ভ মেলাত এনে ঘটনা পুনৰ সংঘটিত নহয়।

 

  • Related Posts

    • Current
    • June 21, 2025
    • 4 views
    • 2 minutes Read
    BTR CEM Pramod Boro Distributes Approval Letters to 211 Casual Forest Workers in Baksa

    Telegram

    TelegramTweetBTR CEM Pramod Boro Distributes Approval Letters to 211 Casual Forest Workers in Baksa   Furthering the Bodoland Territorial Region (BTR) administration’s commitment to ensuring sustainable and gainful employment across…

    • Current
    • June 21, 2025
    • 5 views
    • 1 minute Read
    11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।    

    Telegram

    TelegramTweet11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।       (रंगिया दिनाकं 21.06.2025):   11वें अंतराष्ट्रीय योग दिवस के शुभ अवसर पर…

    Leave a Reply

    Your email address will not be published. Required fields are marked *