BTR NEWS

ভৰলুত যিমান পানী কমিব, চহৰৰ মাজৰ পানী আমি সিমান কমাব পাৰিম’ : মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

Telegram

ভৰলুত যিমান পানী কমিব, চহৰৰ মাজৰ পানী আমি সিমান কমাব পাৰিম’ : মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

 

গুৱাহাটী, ৩১ মে’ : “ভৰলীৰ পানী যদি কমে, চহৰখনৰ জলাবদ্ধতাৰ সমস্যাও তেনে হাৰত হ্ৰাস পাব।” — এই মন্তব্য কৰিলে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আজি গুৱাহাটীৰ জলাবদ্ধতা সমস্যাৰ স্থায়ী সমাধান সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে ভৰলীৰ ড্ৰেজিং তথা গভীৰিকৰণৰ কাম যথেষ্ট গুৰুত্ব সহকাৰে চলাই লৈ যোৱা হৈছে।

 

তেওঁ স্পষ্টকৈ কৈছে, “ভৰলুত যিমান পানী কমিব, চহৰৰ মাজৰ পানী আমি সিমান কমাব পাৰিম।” অৰ্থাৎ গুৱাহাটীৰ বিভিন্ন এলেকাত হোৱা জলাবদ্ধতাৰ মূল কাৰণ ভৰলী নদীৰ উজান আৰু নামনি অঞ্চলত সঞ্চিত পানী। এই সমস্যাৰ সমাধান কৰিবলৈ ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰত উন্নয়নমূলক কাম-কাজ আৰম্ভ কৰিছে।

 

জলসম্পদ মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, ভৰলীৰ ড্ৰেজিং কামৰ ফলত ইতিমধ্যে কিছুমান এলেকাত জলাবদ্ধতা তুলনামূলকভাৱে কম হৈছে। আগন্তুক বৰ্ষাত যাতে জলাবদ্ধতাৰ সমস্যা অধিক নাৱঢ়ে, সেই দিশে বিভাগে বেগেৰে কাম কৰি আছে।

 

অন্যহাতে, গুৱাহাটীৰ ড্ৰেইনেজ ব্যৱস্থা উন্নত কৰাৰ লগতে, ব্ৰহ্মপুত্ৰ আৰু ভৰলী নদীৰ পানীৰ বাহ চলাচল অধিক সুচল কৰাৰ দিশেও চৰকাৰে লক্ষ্য ৰাখিছে বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত ঘোষণা কৰে।

 

শেষত তেওঁ জনসাধাৰণক আহ্বান জনায়—নদী আৰু নলা নালিত আবর্জনা নেফালিবলৈ, যাতে প্ৰাকৃতিক পানীৰ গতি বাধা নোপায়।

 

এই ধৰণে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই মন্তব্য গুৱাহাটীৰ জলাবদ্ধতা সমস্যা সমাধানৰ দিশে এটা গুৰুত্বপূৰ্ণ দিশা-নিৰ্ব্দেশ হিচাপে ধৰা হৈছে।

 

Exit mobile version