BTR NEWS

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ কৰ্মচাৰীলৈ সুখবৰ

Telegram

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ কৰ্মচাৰীলৈ সুখবৰ

 

ভোগালী বিহুৰ আগমুহূর্তত ৰাজ্য চৰকাৰে ৰাজ্যিক কৰ্মচাৰীৰ বাবে একাধিক নতুন ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীৰ সৈতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ অনুষ্ঠিত বৈঠকৰ পিছত এই সুখবৰসমূহ সদৰী কৰা হৈছে।

 

নগদবিহীন চিকিৎসা বীমা আঁচনি

১ এপ্ৰিল ২০২৫ৰ পৰা ৰাজ্যিক কৰ্মচাৰীৰ বাবে নগদবিহীন চিকিৎসা বীমা আঁচনি প্ৰবর্তন কৰা হ’ব। প্ৰথম পৰ্যায়ত এই সেৱা ৰাজহুৱা খণ্ডৰ চিকিৎসা মহাবিদ্যালয়সমূহত উপলব্ধ হ’ব। এই আঁচনিয়ে কৰ্মচাৰীৰ স্বাস্থ্য সুৰক্ষাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।

 

ঘৰভাড়া ভাতা (HRA)

১৩ হাজাৰ টকীয়া ফিক্সড পে’ আৰু মাষ্টাৰ ৰোলত থকা কৰ্মচাৰীৰ বাবে চৰকাৰে ঘৰভাড়া ভাতা প্ৰদানৰ ঘোষণা কৰিছে।

 

OPS সুবিধা পুনৰ প্ৰদান

২০০৫ চনত NPS প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰীয়ে পুনৰপূৰ্বৰ OPS (Old Pension Scheme) ৰ সুবিধা লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। জানুৱাৰীৰ ভিতৰত এই সন্দৰ্ভত প্ৰয়োজনীয় OM (Office Memorandum) প্ৰকাশ হ’ব।

 

 

স্নাতক অৰ্হতাসম্পন্ন পদত দৰমহা বৃদ্ধি

যিসমূহ পদৰ নিযুক্তিৰ অৰ্হতা স্নাতক পৰ্যায়ৰ, সেই পদত নিযুক্ত কৰ্মচাৰীয়ে এতিয়াৰে পৰা স্নাতক পৰ্যায়ৰ দৰমহা লাভ কৰিব।

 

 

এই সিদ্ধান্তসমূহে ৰাজ্যিক কৰ্মচাৰীৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে। মুখ্যমন্ত্ৰীৰ এই পদক্ষেপই ৰাজ্যৰ কৰ্মচাৰীৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।

 

Exit mobile version