ভেৰগাঁও চাঞ্চল্য নিৰুদ্দেশ হোৱা ৯ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ, ধৰ্ষণ-পিচত হত্যাৰ সন্দেহ

  • Crime
  • September 18, 2025
  • 0 Comments
Telegram

🔴 ভেৰগাঁও চাঞ্চল্য নিৰুদ্দেশ হোৱা ৯ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ, ধৰ্ষণ-পিচত হত্যাৰ সন্দেহ

 

ভেৰগাঁও, ওদালগুৰি:

ওদালগুৰিৰ ভেৰগাঁৱৰ খাগ্ৰাবাৰী নলবাৰী গাঁৱৰ পৰা দুদিন পূৰ্বে সন্ধানহীন হোৱা কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

 

মৃত কন্যা সন্তানটি ৰাজু কিষান আৰু অনিমা কিষানৰ ৯ বছৰীয়া কন্যা বুলি চিনাক্ত কৰা হৈছে। ১৫ ছেপ্তেম্বৰত কৰম পূজা চাবলৈ ঘৰৰ পৰা ওলাই অহাৰ পিছতেই কিশোৰীজনী নিৰুদ্দেশ হৈছিল। পৰিয়ালৰ লোকে তৎকালেই ভেৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল।

 

বুধবাৰে নিশা তামুলপুৰ জিলাৰ নিধুৱাত শুক্লাই নদীৰ বুকুত গাঁতত পুতি থোৱা অৱস্থাত কিশোৰীজনীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীৰ প্রাথমিক সূত্ৰ মতে, কিশোৰীজনীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ উত্থাপিত হৈছে।

 

ঘটনাটোৰ পৰিপ্ৰেক্ষিতত ভেৰগাঁও আৰক্ষী আৰু গোৰেশ্বৰ আৰক্ষীয়ে যৌথভাৱে তদন্ত আৰম্ভ কৰিছে। এতিয়ালৈকে কোনো গ্ৰেপ্তাৰৰ খবৰ অহা নাই যদিও আৰক্ষীয়ে সন্দেহভাজনক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

 

এই জঘন্য ঘটনাই খাগ্ৰাবাৰী আৰু ভেৰগাঁও অঞ্চলজুৰি আতঙ্ক আৰু ক্ষোভৰ সঞ্চাৰ কৰিছে।

  • Related Posts

    Two Accused Killed in Disha Patani House Firing Case, UP ADG Reveals Chilling Details

    Telegram

    TelegramTweetTwo Accused Killed in Disha Patani House Firing Case, UP ADG Reveals Chilling Details   Lucknow/Bareilly, Sept 18: In a dramatic turn in the investigation into the firing outside actor…

    • Crime
    • September 17, 2025
    • 6 views
    • 2 minutes Read
    Sonapur Dacoity Case Cracked: 5 Arrested, Looted Items Recovered

    Telegram

    TelegramTweetSonapur Dacoity Case Cracked: 5 Arrested, Looted Items Recovered   Guwahati, September 17: A joint team of East Guwahati Police District (EGPD) comprising SOG, Sonapur Police Station, and Jorabat Outpost…

    Leave a Reply

    Your email address will not be published. Required fields are marked *