BTR NEWS

ভূটান সীমান্ত বুজন পৰিমানৰ গাঞ্জা জব্দ, 

Telegram

ভূটান সীমান্ত বুজন পৰিমানৰ গাঞ্জা জব্দ, 

এজন আটক

তামুলপুৰ,১৬ ডিচেম্বৰ- তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ মেনকা ফায়াৰিং ৰেঞ্জৰ সমীপত যোৱাকালি সন্ধিয়া ৬৪ বাহিনী এছএছবি চি কোম্পানী আৰু দৰঙামেলা আৰক্ষীয়ে এক অভিযান চলাই প্ৰায় ৩৫ কিল’ গ্ৰাম গাঞ্জা সহ এজন লোকক আটক কৰে ৷ প্ৰাপ্ত তথ্য মতে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত যোৱাকালি শুকানজুলি স্থিত ৬৪ বাহিনী এছ এছ বি চি কোম্পানি আৰু দৰঙামেলা আৰক্ষীৰ এটি দলে ভূটান সীমান্ত নিচা যুক্ত দ্ৰব্যৰ বিৰুদ্ধে এক অভিযান চলাই ৷ অভিযান কালত ৬৪ বাহিনী এছ এছ বি আৰু দৰঙামেলা আৰক্ষীৰ দলে ভূটান সীমান্তৰ মেনকা ফায়াৰিং ৰেঞ্জৰ সমীপত তালাচী চলাই থাকোতে এ এচ ১৪ -৪৮৫৪ নম্বৰ স্কুটিত দুখন মোনাত পেকেট কৰি ভৰাই অনা গাঞ্জা সৰবৰাহ কৰা গজেন নাৰ্জাৰী নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয়।

Exit mobile version