ভূটান সীমান্তৰ হৰটোলা, পাটকিজূলী, হাতীডুবাত বনৰীয়া হাতীয়ে উপদ্ৰৱ
বহু পৰিয়ালৰ বাসগৃহ ভাঙি, আচবাব লণ্ড ভণ্ড , ভড়ালৰ ধান খায় তহিলং
ৰমেন দাস,তামুলপুৰ,২০ ডিচেম্বৰ-
তামুলপুৰ জিলাৰ ভূটান সীমান্তত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷নিশা ভূটান সীমান্তৰ হৰটোলা, পাটকিজূলী, হাতীডুবাত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই বহু পৰিয়ালৰ বাসগৃহ ভাঙি, ঘৰৰ আচবাব লণ্ড ভণ্ড কৰাৰ লগতে ভড়ালৰ ধান খায় তহিলং কৰে ৷ বনৰীয়া হাতীৰ জাকে ভাঙি চূড়মাৰ কৰে বাচন বৰ্তন
স্কুটী,চাইকেল ,আলমিৰাআদি৷ নিশা শোৱা পাটিতে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাত হাতীৰ আক্ৰমনৰ পৰা কথমপি প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ ৷ নিশা স্থানীয় ৰাইজে জুই জ্বলাই, বোম ফটকা ফূটাই চিঞৰ বাখৰ কৰি হাতী খেদিবলৈ চেষ্টা কৰে যদিও হাতীৰ জাকে উপদ্ৰৱ চলাই পুৱতি নিশাহে অঞ্চলটোৰ পৰা আতৰি যায় ৷ উল্লেখ্য যে বিগত বহুদিন ধৰি ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ ধাৰাবাহিক উপদ্ৰৱ উজাগৰী নিশা কটাব লগীয়া হৈছে ভূটান সীমান্তৰ ৰাইজে ৷
বন বিভাগৰ লোকে দিনে নিশাই হাতী খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও হাতীৰ পাহাৰলৈ খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই ৷