BTR NEWS

ভূটান সীমান্তৰ শুকানজূলীত অবৈধ গছৰ কুণ্ডা কাঠ সহ বাহন জব্দ ।

Telegram

ভূটান সীমান্তৰ শুকানজূলীত অবৈধ গছৰ কুণ্ডা কাঠ সহ বাহন জব্দ 

 

ৰমেন দাস,তামুলপুৰ,২৫ নবেম্বৰ- তামুলপুৰ জিলাৰ ভূটান সীমান্তত অবাধ বনধ্বংসৰ ফলত বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ সময়তেই একাংশ দূষ্কৃতিকাৰীয়ে চোৰাংকৈ গছ কাটি অব্যাহত ৰাখিছে বনধ্বংস কাৰ্য্য ৷ চোৰাং কাঠৰ ব্যৱসায়ীয়ে বনাঞ্চল বনধ্বংস কৰি অবৈধ কাঠ ফলা কল স্থাপন কৰি চলাই আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় ৷ চোৰাং কাঠৰ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগ তথা এছ এছ বিয়ে সময়ে সময়ে অভিযান চলাই আছে যদিও নিতৌ নতুন নতুন কৌশল অৱলম্বন কৰি একাংশ চোৰাং কাঠৰ ব্যৱসায়ী বনবিভাগ, এছ এছ বি তথা আৰক্ষীৰ চকুত ধূলি দি অব্যাহত ৰাখিছে চোৰাং কাঠৰ ব্যৱসায় ৷

তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ শুকানজূলীস্থিত এছ এছ বিৰ ৬৪ বাহিনীয়ে

আজি এক গোপন সূত্ৰৰ পম খেদি সীমান্তঞ্চলত চোৰাং কাঠৰ বিৰুদ্ধে এক অভিযান চলায় ৷ অভিযানত কালত এছ এছ বিৰ দলে দৰঙা নদীৰ পাৰত চোৰাংকৈ কঢ়িয়াই অনা গছৰ কুণ্ডা,আৰু কাঠ ভৰ্তী এখন ডি আই বাহন (এ এছ ০১এফ চি ১৩৭৯ )জব্দ কৰিবলৈ সক্ষম হয় ৷অভিযান কাৰী দলটোৱে চোৰাং কাঠ পৰিবাহী ডিআই বাহন খনৰ লগতে ৰমজান আলী নামৰ এজন লোককো আটক কৰিবলৈ সক্ষম হয় ৷

জব্দকৃত গছৰ কুণ্ডা আৰু কাঠখিনিৰ মূল্য প্ৰায় ৫০ হেজাৰ টকা বুলি জানিবলৈ দিছে এছ এছ বিৰ লোকে ৷ এছ এছ বিৰ অভিযানকাৰী দলে পাছত জব্দকৃত বাহন,কাঠ সহ আতকাধীন লোকজনত কুমাৰীকাটাস্থিত বনবিভাগৰ কাৰ্যালয়ত চমজাই দিয়ে ৷

Exit mobile version