ভূটান সীমান্তৰ গয়বাৰী- সমবায় বস্তী পথৰ আধাৰশীলা স্থাপন বিধায়ক জলেন দৈমাৰীৰ

Telegram

ভূটান সীমান্তৰ গয়বাৰী- সমবায় বস্তী পথৰ আধাৰশীলা স্থাপন বিধায়ক জলেন দৈমাৰীৰ

 

তামুলপুৰ,১৬ জুন

 

তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ গয়বাৰী বজাৰ- সমবায় বস্তী হৈ পৰ্যটনথলি বগামাটিলৈ যোৱা গ্ৰাম্য পথটোৰ পুনৰ নিৰ্মানৰ বাবে আজি আধাৰশীলা স্থাপন কৰা হয় ৷ অসম চৰকাৰৰ গ্ৰাম্য আন্ত:গাঠন উন্নয়ণ আঁচনিৰ অধীনত এক কৌটী নব্বৈ লাখ টকা ব্যয়েৰে পুনৰ নিৰ্মান হ’ব লগা পথটোৰ আধাৰ শীলা স্থাপন কৰে তামুলপুৰ বিধায়ক জলেন দৈমাৰীয়ে ৷ আধাৰশীলা স্থাপন কৰি বিধায়ক জলেন দৈমাৰীয়ে কয় বৃহত্তৰ গয়বাৰী অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীক সন্মান জনাই পথটোৰ পুনৰ নিৰ্মানৰ শুভাৰম্ভ কৰা হল ৷ খুউব কম দিনৰ ভিতৰতে পথটোৰ নিৰ্মানৰ কাম সম্পন্ন হব বুলিও আশা প্ৰকাশ কৰে বিধায়ক জলেন দৈমাৰীয়ে ৷ পথটোৰ নিৰ্মানৰ কাম শেষ হলেই বিশেষকৈ অঞ্চলটোৰ কৃষিজীৱি লোক লাভাম্বিত হব বুলিও মন্তব্য কৰে বিধায়ক দৈমাৰীয়ে ৷ আজি আধাৰশীলা স্থাপন অনুস্থানত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ পাৰিয়দ তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ন দাস,পৰিবেশ কৰ্মী তথৈ যুৱ সমাজকৰ্মী মাধৱ ছেত্ৰী, তামুলপুৰ জিলা ইউপিৰিএলৰ সম্পাদক গণেশ নাথ, নাগ্ৰীজূলি ব্লক ইউপিপিএল সভাপতি হৰি গৌতম লগতে বিজেপি দলৰ নেতা-কৰ্মী তথা অঞ্চলটোৰ গণ্যমান্য লোক সকল উপস্থিত থাকে ৷

  • Related Posts

    ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*

    Telegram

    TelegramTweet*ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ ২০২৫* : বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২৬-দৰঙাজুলি, ২৭-নাগ্ৰীজুলি আৰু ২৯-শুক্লাই ছেৰফাং সমষ্টিৰ নিৰ্বাচনী পৰ্যৱেক্ষক হিচাপে নিযুক্ত অতুল কুমাৰ…

    তামুলপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী পৰ্যৱেক্ষকৰ সভা

    Telegram

    TelegramTweetতামুলপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী পৰ্যৱেক্ষকৰ সভা তামুলপুৰ, ১৬ ছেপ্টেম্বৰঃ   আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী পৰ্যৱেক্ষকদ্বয় অতুল কুমাৰ শৰ্মা আৰু ক্ষিতীশ চন্দ্ৰ পেগুৰ উপস্থিতিত নিৰ্বাচনী ব্যয় সম্পৰ্কীয়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *