ভূটানৰ ৰজাৰ অসম পৰিদৰ্শন: ভাৰতমালা পৰিযোজনাৰ অধীনত নিৰ্মীয়মান লজিষ্টিক পাৰ্কৰ ভ্ৰমণ

Telegram

ভূটানৰ ৰজাৰ অসম পৰিদৰ্শন: ভাৰতমালা পৰিযোজনাৰ অধীনত নিৰ্মীয়মান লজিষ্টিক পাৰ্কৰ ভ্ৰমণ

 

আজিৰ দিনটো ইতিহাসৰ এক বিশেষ অধ্যায় হিচাপে খোদিত হৈ ৰ’ল, যিহেতু ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুকে অসমভূমিত স্বাগতম জনোৱা হৈছিল। ভাৰত আৰু ভূটানৰ মাজত বন্ধুত্বৰ নৱ অধ্যায় আৰম্ভ কৰাৰ দিশে এই ভ্ৰমণক গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হৈছে।

 

অসমৰ যোগীঘোপাত ভাৰতমালা পৰিযোজনাৰ অধীনত নিৰ্মাণ হোৱা আন্তঃৰাষ্ট্ৰীয় মাল্টি মডেল লজিষ্টিক পাৰ্ক পৰিদৰ্শন কৰিবলৈ ৰজাই উপস্থিত হয়। এই পৰিযোজনাই উত্তৰ-পূবৰ লগত দক্ষিণ-পূৰ্ব এছিয়াৰ যোগসূত্ৰ অধিক দৃঢ় কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে।

 

অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভূটানৰ ৰজাক আদৰণি জনায়। তেওঁ ৰজাক লগত লৈ ব্রহ্মপুত্ৰ নদীত নিৰ্মিত IWT (Inland Waterways Terminal) টাৰ্মিনেলো পৰিদৰ্শন কৰে।

 

এই দৰ্শনে কেৱল পৰ্যটন বা সৌজন্য সাক্ষাৎ নহয়, বরঞ্চ আন্তঃৰাষ্ট্ৰীয় লগতীয়াল সম্পৰ্ক, বানিজ্যিক সহযোগিতা আৰু পৰিবহণ ব্যৱস্থাৰ উন্নয়নলৈ আগবাঢ়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ধৰা হৈছে।

 

এই ঘটনাই অসম তথা ভাৰত-ভূটান সম্পৰ্কত এটি নতুন দিগন্ত উন্মোচিত কৰাৰ সম্ভাৱনা বৃদ্ধি কৰিছে।

 

  • Related Posts

    • Current
    • May 9, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰৰ কাউলীত বিষুৱা উৎসৱ। কোচ ৰাজবংশীৰ কৃষ্টি- সংস্কৃতিৰে উজ্জীৱিত চিলাৰায় ভৱন।

    Telegram

    TelegramTweetতামুলপুৰৰ কাউলীত বিষুৱা উৎসৱ। কোচ ৰাজবংশীৰ কৃষ্টি- সংস্কৃতিৰে উজ্জীৱিত চিলাৰায় ভৱন।   তামুলপুৰ জিলাৰ কাউলীত দুদিনীয়া কাৰ্যসূচীৰে তামুলপুৰ জিলা কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিলৰ উদ্যোগত আয়োজিত বিষুৱা উৎসৱৰ আজি অন্তিম দিন…

    আকাশমাৰ্গতে পাকিস্তানৰ অৰ্ধশতাধিক ড্ৰোন ধ্বংস: ভাৰতৰ ‘অপাৰেশ্বন সিন্ধূৰ ২’ৰ বিজয় কাহিনী

    Telegram

    TelegramTweetআকাশমাৰ্গতে পাকিস্তানৰ অৰ্ধশতাধিক ড্ৰোন ধ্বংস: ভাৰতৰ ‘অপাৰেশ্বন সিন্ধূৰ ২’ৰ বিজয় কাহিনী ৮-৯ মে’ৰ নিশা দক্ষিণ এছিয়াৰ আকাশত এক নাটকীয় পৰিস্থিতিৰ সূচনা ঘটিছিল। পাকিস্তানৰ পৰা উৎক্ষেপণ হোৱা অগণন ড্ৰোন আৰু মিছাইল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *