
ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ
আৰু কেইখনমান উৎসৱ বিশেষ ৰেল
মালিগাঁও, ০২ নৱেম্বৰ, ২০২৪:
উত্তৰ পূব সীমান্ত ৰে’লৱেই চলিত উৎসৱৰ বতৰত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰিবলৈ আৰু কেইখনমান উৎসৱ বিশেষ ৰেল পৰিচালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উৎসৱ ৰেলসমূহৰ বিস্তৃত বিৱৰণ নিম্নঅনুসাৰে হব:
ৰেল নং ০৫৬২৯ (আগৰতলা – ছেকেন্দ্ৰাবাদ) ৱান ৱে বিশেষ ০৩ নৱেম্বৰ, ২০২৪ তাৰিখে ০৬:২০ বজাত আগৰতলাৰ পৰা প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ১৬:১৫ বজাত ছেকেন্দ্ৰাবাদত গৈ উপস্থিত হব।
ৰেল নং. ০৪৬১৯ (আগৰতলা – ফিৰোজপুৰ কেণ্ট), ৱান ৱে বিশেষ আগৰতলাৰ পৰা ০৩ নৱেম্বৰ, ২০২৪ তাৰিখে ১৪:১০ বজাত প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ২১:৪০ বজাত ফিৰোজপুৰ কেন্টত গৈ উপস্থিত হব।
ৰেল নং ০৪৬৯৬ (লুধিয়ানা – নিউ জলপাইগুড়ী) উৎসৱ বিশেষ ০২ নৱেম্বৰ, ২০২৪ তাৰিখে ২২:১৫ বজাত লুধিয়ানাৰ পৰা প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ০৫:১০ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত পাব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৪৬৯৫ (নিউ জলপাইগুড়ী – লুধিয়ানা) উৎসৱ বিশেষ ০৪ নৱেম্বৰ, ২০২৪ তাৰিখে ১০:০০ বজাত নিউ জলপাইগুড়ীৰ পৰা প্ৰস্থান কৰি পিছদিনা ১৬:৫৫ বজাত লুধিয়ানাত গৈ উপস্থিত হব।
ৰেল নং ০১০৮১ (ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাস – আগৰতলা) উৎসৱ বিশেষ ০৩ নৱেম্বৰ, ২০২৪ তাৰিখে ১৫:৩০ বজাত ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাসৰ পৰা প্ৰস্থান কৰি ০৬ নৱেম্বৰ, ২০২৪ তাৰিখে ০৭:৪০ বজাত আগৰতলাত গৈ উপস্থিত হব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০১০৮২ (আগৰতলা – ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাস) উৎসৱ বিশেষ ০৭ নৱেম্বৰ, ২০২৪ তাৰিখে আগৰতলাৰ পৰা ১৫:১০ বজাত প্ৰস্থান কৰি ১০ নৱেম্বৰ, ২০২৪ তাৰিখে ০৮:২০ বজাত ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাসত গৈ উপস্থিত হ’ব।
গংগাত পবিত্ৰ স্নানৰ বাবে যোৱা ছট পূজাৰ ভক্তসকলৰ বাবে কাটিহাৰ আৰু মণিহাৰীৰ মাজত দুখন ডেমু বিশেষ ৰেল পৰিচালন কৰা হ’ব। প্ৰথম বিশেষ ৰেলখন দৈনিক ০২ তাৰিখৰ পৰা ০৫ নৱেম্বৰ, ২০২৪ লৈ দৈনিক ২১:১৫ বজাত কাটিহাৰৰ পৰা প্ৰস্থান কৰি ২২:০০ বজাত মণিহাৰীত গৈ উপস্থিত হব। উভতনি যাত্ৰাৰ দিশত, ৰেলখন মণিহাৰীৰ পৰা ২৩:৪৫ বজাত প্ৰস্থান কৰি ০০:৩০ বজাত কাটিহাৰত গৈ উপস্থিত হব। আনহাতে দ্বিতীয় বিশেষ ৰেলখন ০৩ তাৰিখৰ পৰা ০৬ নৱেম্বৰ, ২০২৪ লৈ কাটিহাৰৰ পৰা দৈনিক ০১:৩০ বজাত প্ৰস্থান কৰি ০২:১৫ বজাত মণিহাৰীত গৈ উপস্থিত হব। উভতনি যাত্ৰাৰ দিশত, ৰেলখন মণিহাৰীৰ পৰা ০৪:০০ বজাত প্ৰস্থান কৰি ০৪:৪৫ বজাত কাটিহাৰত গৈ উপস্থিত হব।
এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ও জাননী প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা কৰাৰ পূৰ্বে উক্ত বিস্তৃত বিৱৰণবোৰ অৱলোকন কৰিবলৈ বাবে অনুৰোধ জনোৱা হৈছে।