BTR NEWS

ভাৰত ভূটান সীমান্তত মৰ্টাৰ উদ্ধাৰ ৷

Telegram

ভাৰত ভূটান সীমান্তত মৰ্টাৰ উদ্ধাৰ ৷

তামুলপুৰঃ১৩জুলাইঃ

 

 

তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ বিমলানগৰ-ডোঙাৰগাঁওৰ খান্দাজান নৈত উদ্ধাৰ আজি উদ্ধাৰ হয় এটি মৰ্টাৰ। নৈৰ গৰা খহি পথাৰত পানী নিয়া নলাত পৰে মৰ্টাৰটো। গৰা খহি নলাত পৰি অৱস্থাত আজি এগৰাকী কৃষকে প্ৰথমে প্ৰত্যক্ষ কৰে এই বিস্ফোৰক টো ।

ঘটনাৰ খবৰ লাভ কৰি

ইতিমধ্যে কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষী বিষয়া ,এছ এছ বিৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উক্ত স্থান নিৰীক্ষণ আৰু তহল দিয়া পৰিলক্ষিত হৈছে। আৰক্ষীৰ লোকে ইতিমধ্যে যোগাযোগ কৰিছে সেনা বাহিনীৰ বোমা বিশেষজ্ঞৰ সৈতে।

 

পূৰ্বেও অঞ্চলটোত উদ্ধাৰ হৈছে এইধৰণৰ সক্ৰিয় মৰ্টাৰ। সক্ৰিয় মৰ্টাৰটো নিষ্ক্ৰিয় কৰাৰ বাবে ইতিমধ্যে তামুলপুৰ আৰক্ষীয়ে যোগাযোগ কৰিছে সেনাৰ সৈতে।

Exit mobile version