ভাৰত-ভূটান সীমান্তত কুমাৰীকটা বনাঞ্চলিক কাৰ্য্যালয়ৰ উদ্যোগত উত্তৰ গেৰেমচ এনজিঅ আৰু ছয়পত্ৰি ফাউণ্ডেচনৰ সহযোগত বৃক্ষৰোপন কাৰ্যসূচী।

Telegram

ভাৰত-ভূটান সীমান্তত কুমাৰীকটা বনাঞ্চলিক কাৰ্য্যালয়ৰ উদ্যোগত উত্তৰ গেৰেমচ এনজিঅ আৰু ছয়পত্ৰি ফাউণ্ডেচনৰ সহযোগত বৃক্ষৰোপন কাৰ্যসূচী।

বিশ্ব পৰিবেশ দিৱস উপলক্ষে ৩ হাজাৰ গছপুলি ৰোৱাৰ লক্ষ।

 

নাগ্ৰীজুলি, ২ জুন-

 

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত কুমাৰীকটা বনাঞ্চলিক কাৰ্য্যালয়ৰ উদ্যোগত উত্তৰ গয়বাৰী গেৰেমচা স্বেচ্ছাসেৱী সংগঠন আৰু গয়বাৰী ছয়পত্ৰি ফাউণ্ডেচনৰ সহযোগত আগন্তুক বিশ্ব পৰিবেশৰ লগত সংগতি ৰাখি কালিৰে পৰা এলানি বৃক্ষৰোপন কাৰ্যসূচী আৰম্ভ কৰা হৈছে। গয়বাৰী ছয়পত্ৰি ফাউণ্ডেচনৰ সভাপতি তথা পৰিবেশ কৰ্মী মাধৱ ছেত্ৰীয়ে জনোৱা মতে গোলকীয় উষ্ণতা ৰোধ, পৰিবেশ সংৰক্ষণ আৰু হাতী মানুহৰ সংঘাত ৰোধৰ উদ্দেশ্য আগত ৰাখি কালি তামুলপুৰ জিলাৰ ভূটান পাহাৰৰ নামনিত পাহাৰপুৰ এছ এছ বি শিবিৰ চৌহদত, আজি বিমলানগৰ প্ৰাথমিক বিদ্যালয় চৌহদত, মঞ্জুৰগাঁওত , গয়বাৰী আৰু ১ নং ডোঙাৰগাঁও অঞ্চলৰ হাতীৰ ক’ৰিড’ৰ সমূহত পৰ্যক্ৰমে দুই শতাধিক বিভিন্ন মূল্যবান গছৰ পুলি, ঔষধি গছৰ পুলি ৰোপণ কৰা হয়। অহা ৫ জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনালৈ তামুলপুৰ জিলাৰ সমগ্ৰ ভূটান সীমান্তত মুঠ তিনিহাজাৰ গছপুলি ৰোপনৰ লক্ষ্য স্থিৰ কৰা বুলি মাধৱ ছেত্ৰীয়ে জানিবলৈ দিছে। এই কার্যসূচীত বিশেষ ভাবে উদ্যোগ লোৱা কুমাৰীকাটা বনাঞ্চলিক বিষয়া পুলক ডেকা, উপ বনাঞ্চলিক বিষয়া বীৰেন্দ্ৰ নাথ বড়ো, গয়বাৰী ছয়পত্রি ফাউণ্ডেচনৰ সভাপতি মাধৱ ছেত্ৰী, সম্পাদক শংকৰ বৰ্মন, বগৰীখুটি বন শিবিৰৰ তত্ববধায়ক বলোৰাম ডেকা, বন কৰ্মী অনন্ত তালুকদাৰ, গোপাল ভট্টৰায়, গেৰেমচা স্বেচ্ছাসেৱী সংগঠনৰ,সভাপতি ৰেবেন বড়ো, সম্পাদক বাৰেন মোছাহাৰীক এনে সমাজহিতৈষী পদক্ষেপ লোৱাৰ বাবে অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। উল্লেখ্য যে এই সকল লোকে বিগত বহু বছৰ ধৰি ভাৰত-ভূটান সীমান্তৰ জ্বলন্ত সমস্যা হাতী মানুহৰ সংঘাতৰ ওপৰত কাম কৰি আহিছে।

  • Related Posts

    • Current
    • June 20, 2025
    • 9 views
    • 1 minute Read
    গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান

    Telegram

    TelegramTweet📡 গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান   আজিৰে দিনটো গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ বাবে বিশেষ হিচাপে চিহ্নিত হৈ ৰ’ল। বাতৰি বিভাগৰ নতুন নিযুক্ত সংবাদদাতাসকলৰ বাবে আয়োজন কৰা হৈছিল…

    • Current
    • June 20, 2025
    • 7 views
    • 1 minute Read
    তামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।

    Telegram

    TelegramTweetতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক। পত্নীক হত্যা কৰি ৰক্তপান কৰিলে নৰাধম স্বামী বিকাশ বিশ্বাসে।   তামুলপুৰ ২০ জুন :   তামুলপুৰ জিলাৰ আঙাৰকাটাৰ শান্তিপুৰত আজি এক লোমহৰ্ষক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *