BTR NEWS

ভাৰতৰ ১৯ বছৰ অনুৰ্ধ মহিলা T-20 এছিয়া কাপত ঐতিহাসিক জয়

Telegram

ভাৰতৰ ১৯ বছৰ অনুৰ্ধ মহিলা T-20 এছিয়া কাপত ঐতিহাসিক জয়

 

 

 

প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১১৭ ৰাণৰ সম্মানজনক স্ক’ৰ কৰে। মধ্যম পৰ্যায়ৰ ব্যাটাৰ জি. ত্ৰিশাই দলটোৰ বাবে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে আৰু চমৎকাৰ ৫২ ৰাণৰ ইনিংছ উপস্থাপন কৰে।

 

১১৮ ৰাণৰ লক্ষ্য লৈ ফাইনেলত নামি বাংলাদেশৰ দলটোৱে ভাৰতীয় বলাৰসকলৰ বুধিয়কতা আৰু প্ৰতিভাৰ সন্মুখীন হৈ ক্ৰমান্বয়ে উইকেট হেৰুৱায়। শেষত দলটোৱে মাত্ৰ ১৮ অভাৰ ৩টা বলত ৭৬ ৰাণতে অলআউট হয়।

 

এই জয়ে ভাৰতৰ মহিলা ক্ৰিকেটৰ নতুন দিগন্ত মুকলি কৰাৰ উপৰি ক্ৰিকেটৰ আন্তর্জাতিক মঞ্চত নতুন প্ৰজন্মৰ প্ৰতিভাৰ শক্তি প্ৰদৰ্শন কৰে। T-20 এছিয়া কাপৰ এই খিতাপে ভাৰতীয় দলটোলৈ গৌৰৱৰ সংযোজন কৰিছে।

 

Exit mobile version