ভাৰতৰ সন্মুখত বাংলাদেশৰ কোনো শক্তি নাই’ — মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকীয়নি

Telegram

ভাৰতৰ সন্মুখত বাংলাদেশৰ কোনো শক্তি নাই’ — মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকীয়নি

 

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ ওপৰত কৰা ভাষাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ স্পষ্টভাৱে কৈছে, “ভাৰতৰ সন্মুখত বাংলাদেশৰ কোনো শক্তি নাই।” মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্যৰে বাংলাদেশৰ পৰা অহা উত্তৰ-পূব ভাৰত দখলৰ ভাবুকিক প্ৰত্যাখ্যান কৰি কঢ়া সতৰ্কবাণী প্ৰদান কৰে।

 

তেওঁ লগতে কয়, “বাংলাদেশে উত্তৰ-পূব ভাৰত দখল কৰিব পাৰিব বুলি ভাবাটো একেবাৰে অসম্ভৱ। এই ধৰণৰ কথা কল্পনাৰ সীমাও অতিক্ৰম কৰে।” মুখ্যমন্ত্ৰীৰ এই বক্তব্য দেশজুৰি দ্ৰুতগতিৰে ছড়ি পৰিছে আৰু ৰাজ্যবাসীৰ মাজতো ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

 

হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰে যে, ভাৰতৰ সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত কোনো ৰকম আপোষ নহ’ব। তেওঁ কয়, “আমাৰ সেনা, আধা-সামৰিক বাহিনী আৰু অসম আৰক্ষীয়ে সদায় সজাগ। যিকোনো বাহ্যিক ভাবুকিক কঠোৰ হাতেৰে মোকাবিলা কৰিব।”

 

এই মন্তব্যৰ পাছত ৰাজনৈতিক পৰিসৰতো চৰ্চাৰ জুই জ্বলিছে। বহু লোক মুখ্যমন্ত্ৰীৰ সাহসী আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ সপক্ষে দৃষ্টিভংগীক সাধুবাদ জনাইছে, আনহাতে কিছুমানে ইয়াক কূটনৈতিক দৃষ্টিৰে সন্দেহৰ চোখেৰে চাইছে।

 

এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিক্ৰিয়াৰ দিশেও বৰ্তমান সকলোৰে দৃষ্টি আকৰ্ষিত হৈছে।

 

  • Related Posts

    • Current
    • May 9, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰৰ কাউলীত বিষুৱা উৎসৱ। কোচ ৰাজবংশীৰ কৃষ্টি- সংস্কৃতিৰে উজ্জীৱিত চিলাৰায় ভৱন।

    Telegram

    TelegramTweetতামুলপুৰৰ কাউলীত বিষুৱা উৎসৱ। কোচ ৰাজবংশীৰ কৃষ্টি- সংস্কৃতিৰে উজ্জীৱিত চিলাৰায় ভৱন।   তামুলপুৰ জিলাৰ কাউলীত দুদিনীয়া কাৰ্যসূচীৰে তামুলপুৰ জিলা কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিলৰ উদ্যোগত আয়োজিত বিষুৱা উৎসৱৰ আজি অন্তিম দিন…

    • Current
    • May 9, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত অংগবাদী কৰ্মী সহায়কীয়াৰ নিযুক্তি পত্ৰ বিতৰণ।

    Telegram

    TelegramTweetতামুলপুৰত অংগবাদী কৰ্মী সহায়কীয়াৰ নিযুক্তি পত্ৰ বিতৰণ। আমাৰ খবৰ, তামুলপুৰ, ৯ মে’: তামুলপুৰ জিলাৰ শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰৰ প্ৰেক্ষাগৃহত অংগনবাদী কর্মী সহায়কীয়াৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। তামুলপুৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *