BTR NEWS

ভাৰতৰ শ্ৰেষ্ঠ বিধায়কৰ সন্মান চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱালৈ

Telegram

ভাৰতৰ শ্ৰেষ্ঠ বিধায়কৰ সন্মান চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱালৈ

চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ভাৰতৰ শ্ৰেষ্ঠ বিধায়ক হিচাপে সন্মান লাভ কৰি অসম তথা চাবুৱা সমষ্টিৰ নাম গৌৰৱান্বিত কৰিছে। জনসম্পৰ্ক শক্তিশালী কৰা আৰু জনতাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত লোৱা দৃষ্টান্তমূলক পদক্ষেপৰ বাবে তেওঁক এই বিশেষ সন্মানে সম্বৰ্ধনা জনাইছে।

পোনাকণ বৰুৱাই বিধায়ক হিচাপে দায়িত্ব গ্রহণৰ পৰাই জনগণৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপন কৰি বিভিন্ন সমস্যাৰ সমাধানত গুৰুত্ব আৰোপ কৰিছে। বিশেষকৈ, শিক্ষাৰ উন্নয়ন, চিকিৎসা সেৱা, বেকাৰ সমস্যা দূৰীকৰণ, আৰু গ্ৰাম্য উন্নয়নক লৈ তেওঁ আগবঢ়োৱা উদ্যমসমূহ উল্লেখযোগ্য।

তেওঁৰ নেতৃত্বত চাবুৱা সমষ্টিয়ে এক নতুন পৰিবর্তনৰ সাক্ষী হৈছে। পোনাকণ বৰুৱাই সবল আৰু জনসাধাৰণৰ বাবে সহজলভ্য এক প্ৰশাসনিক ব্যৱস্থা নিৰ্মাণৰ লক্ষ্য লৈ কাম কৰি অহা সদৌ অসমবাসীৰ বাবে এক অনুপ্ৰেৰণা। এই সন্মান জনসেৱাৰ ক্ষেত্ৰত তেওঁ আগলৈও অধিক সাহসৰ সৈতে কাম কৰিবলৈ উৎসাহিত কৰিব।

চাবুৱা সমষ্টি তথা অসমবাসীয়ে গৰ্ব কৰি ল’ব পৰা এই সুখবৰখনত সমগ্ৰ ৰাজ্যত আনন্দৰ বন্যা বিৱৰণ কৰিছে। পোনাকণ বৰুৱালৈ আন্তৰিক অভিনন্দন।

 

Exit mobile version