
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰাক্তন এন ডি এফ বিৰ সকলৰ মাজত।
তামুলপুৰ ১৮ নৱেম্বৰ।
দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বড়োলেণ্ড মহোৎসৱত অংশ গ্ৰহণ কৰি প্ৰাক্তন এন ডি এফ বি সকলক কৰ্ম সংস্থাপন লগতে ছহিদ পৰিয়ালক একাললীন সাহায্য দিয়া কথা ভাষণত কোৱাৰ পিছতে প্ৰাক্তন এন ডি এফ বিৰ নেতা সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি প্ৰাক্তন এন ডি এফ বিৰ নেতা সকলে সংবাদ মাধ্যমৰ আগত কয়– ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বড়োলেণ্ড মহোৎসৱত অংশ গ্ৰহণ কৰি যি বক্তব্য ৰাখিছিল সেয়া সম্পূৰ্ণ বিপৰীত। কিয়নো আজি পৰ্যন্ত প্ৰাক্তন এন ডি এফ ৰ এজনো সদস্যই কোনোধৰণৰ কৰ্ম সংস্থাপন লাভ কৰা নাই আৰু ছহিদ পৰিয়ালক কোনো ধৰণৰ আৰ্থিক সাহায্য প্ৰদান কৰা নাই বিটিআৰ চৰকাৰে। ভাৰত চৰকাৰে যদি ১৫ শ কোটি টকা প্ৰাক্তন এন ডি এফ বিৰ বাবে মুকলি কৰি দিছে তেনেহলে প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে খনে আজি পৰ্যন্ত কিয় প্ৰাক্তন এন ডি এফ বিৰ নেতা সকলক প্ৰদন কৰা নাই বুলিও প্ৰশ্ন কৰে প্ৰাক্তন এড ডি এফ বিৰ নেতা সকলে। কৰ্ম সংস্থাপন লগতে ছহিদ পৰিয়ালক কেতিয়া ৫ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰিছিল তাৰ হিচাপে দিব লাগিব বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।