ভাৰতীয় ৰেলৱেৰ দ্বাৰা চলিত উৎসৱৰ বতৰত অভিলেখ সংখ্যক যাত্ৰী পৰিবহনত সফলতা অৰ্জন

Telegram

ভাৰতীয় ৰেলৱেৰ দ্বাৰা চলিত উৎসৱৰ বতৰত অভিলেখ সংখ্যক যাত্ৰী পৰিবহনত সফলতা অৰ্জন

 

মালিগাঁওঁ, ৭ নৱেম্বৰ, ২০২৪:

ভাৰতীয় ৰে’লৱেই এই উৎসৱৰ বতৰত যাত্ৰী পৰিবহনৰ ক্ষেত্ৰত এক ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত ১ অক্টোবৰৰ পৰা ৫ নৱেম্বৰ পৰ্যন্ত ৬৫ লাখৰো অধিক যাত্ৰী ৰেল যোগে যাতায়াত কৰিছে, যি কেৱল ২৪ ঘণ্টাৰ ভিতৰত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ দুয়োখন দেশৰ মুঠ জনসংখ্যাতকৈয়ো অধিক। এই সময়ছোৱাত বিশেষ ৰে’ল সেৱাৰ জৰিয়তে বিহাৰ, পূব উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ড লৈ প্ৰায় ৭.৫ কোটিৰ যাত্ৰীয়ে যাত্ৰা কৰে, যি এই শীৰ্ষ চাহিদাৰ সময়চোৱাত উপযুক্ত, সহজ ভ্ৰমণ সুবিধাৰ প্ৰতি ভাৰতীয় ৰে’লৰ সমৰ্পণ প্ৰদৰ্শন কৰে। ৪ নৱেম্বৰত, ভাৰতীয় ৰে’লৱেই নন চাব-আৰবান শ্ৰেণীত ১২০.৭২ লাখতকৈও অধিক যাত্ৰী আৰু চাব আৰবান ৰেল পৰিবহনৰ দিশত অতিৰিক্ত ১৮০ লাখ যাত্ৰীক পৰিবহনেৰে এক নতুন অভিলেখ গঢ়িছে, যি বছৰটোৰ সৰ্বাধিক এটা দিনৰ যাত্ৰীৰ সংখ্যা হিচাপে চিহ্নিত কৰে।

 

এনে বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে, ভাৰতীয় ৰে’লৱেই ১ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰ, ২০২৪ পৰ্যন্ত ৭,৬৬৬ টা বিশেষ ৰেল সেৱা চলাচলৰ সূচী নিৰ্দ্ধাৰণ কৰিছে, যিটো পূৰ্ব বছৰৰ ৪,৪২৯ খন বিশেষ ৰেল সেৱাৰ তুলনাত ৭৩% অধিক। অতিমাত্ৰা যাত্ৰী ভিৰৰ দিনসমূহত, ৩ নৱেম্বৰ তাৰিখে ২০৭ খন, ৪ নৱেম্বৰত তাৰিখে ২০৩ খন আৰু ৫ নৱেম্বৰ তাৰিখে ১৭১ খন ৰেল চলাচল কৰাৰ লগতে ৬ আৰু ৭ নৱেম্বৰ, ২০২৪ তাৰিখে ১৬৪ খন ৰেল সেৱা পৰিচালনা কৰে। ৮ নৱেম্বৰত ষট পূজাৰ পৰা ঘূৰি অহাৰ যাত্ৰীৰ ভিৰ আৰম্ভ হোৱাৰ লগে লগে ভাৰতীয় ৰে’লৱেই সমস্তিপুৰ আৰু দানাপুৰ মণ্ডলৰ দৰে উচ্চ চাহিদা সম্পন্ন এলেকাসমূহত ৰেল সেৱা অধিক শক্তিশালী কৰিছে য’ত অতিৰিক্ত বিশেষ ৰে’ল সেৱাসমূহ পৰিচালন কৰিবলৈ পৰিকল্পনা কৰা হৈছে অৰ্থাৎ ৮ নৱেম্বৰ তাৰিখে ১৬৪ খন, ৯ নৱেম্বৰ তাৰিখে ১৬০ খন, ১০ নৱেম্বৰ তাৰিখে ১৬১ খন আৰু ১১ নৱেম্বৰ তাৰিখে ১৫৫ খন ৰেল। এই ব্যাপক ৰেল সেৱাৰ প্ৰৱৰ্তনে সমগ্ৰ ঋতুৰ সময়চোৱাত যাত্ৰীসকলৰ বাবে এক সুলভ, আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰিছে।

 

উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰীসকলৰ ভিৰৰ সময়ত হোৱা সমাগমক নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে, এক এপ্ৰিলৰ পৰা ৭ নৱেম্বৰ ২০২৪ লৈ ৮০ খন বিশেষ ৰেল আৰু ৮০০ টাতকৈ অধিক ট্ৰিপৰ পৰিচালন কৰি ১১.৩৫ লাখৰো অধিক যাত্ৰীক সেৱা আগবঢ়ায় আৰু ৯৯.৭৭ কোটি টকা ৰাজহ উপাৰ্জন কৰিছে। ষট পূজাৰ বাবে পূৱ আৰু উত্তৰ ভাৰতৰ গুৰুত্বপূৰ্ণ গন্তব্যস্থানসমূহৰ সৈতে ৰেল যোগাযোগ বৃদ্ধি কৰাৰ বাবে বিশেষ ৰেল সেৱাসমূহ পৰিচালনা কৰা হৈছে।

ইয়াৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱেই এক সুৰক্ষিত, সংগঠিত পৰিৱেশ নিশ্চিত কৰাৰ দিশত গুৰুত্বপূৰ্ণ ষ্টেচনসমূহ শক্তিশালী নিৰাপত্তা আৰু ভিৰ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা ৰূপায়ণ কৰিছে। ভাৰতীয় ৰে’লৱে আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেই চলিত উৎসৱৰ বতৰত এক সুৰক্ষিত আৰু আৰামদায়ক যাত্ৰাৰ বাবে স্থানীয় আৰু ৰাষ্ট্ৰীয় বৰ্ধিত চাহিদাৰ প্ৰতি সক্ৰিয়ভাৱে সঁহাৰি জনাই নিৰৱচ্ছিন্ন ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

  • Related Posts

    Swachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission

    Telegram

    TelegramTweetSwachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission   Maligaon, 09th August, 2025:   In line with Indian Railways nationwide Swachhata Campaign launched in connection with…

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন 

    Telegram

    TelegramTweetউত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন    মালিগাঁও, ৩ আগষ্ট, ২০২৫: উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীৱাস্তৱে ৩০ জুলাই ২০২৫ তাৰিখে মালিগাঁওৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *