ভাৰতীয় ৰেলৱেৰ দ্বাৰা ইয়াৰ নেটৱৰ্কত কৱচ ৪.০ ৰে সজ্জিত কৰিবলৈ সাজু
মালিগাওঁ, ২৯ ডিচেম্বৰ, ২০২৪:
ভাৰতীয় ৰে’লৱেৰ দ্বাৰা ইয়াৰ গুৰুত্বপূৰ্ণ পথসমূহত কৱচ ৪.০ ৰূপায়ণ কৰাটো ইয়াৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণ আৰু সুৰক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে এক বিস্তৃত পদক্ষেপ। কৱচ ৪.০ ৰ দৰে প্ৰযুক্তিৰ ব্যৱহাৰেৰে ৰেল সংযোগ প্ৰণালীয়ে সুগম পৰিচালন নিশ্চিত কৰিব, মানৱীয় ত্ৰুটিৰ হ্ৰাস কৰিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে দুৰ্ঘটনা প্ৰতিৰোধ কৰিব। কৱচ ৪.০ প্ৰণালীটো কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰযুক্তিগত উপাদানেৰে নিৰ্মাণ কৰা হৈছে, যাৰ ভিতৰত আছে ষ্টেচন কৱচ, যি লোকো কৱচৰ পৰা তথ্য প্ৰাপ্ত কৰি লোকোমোটিভ আৰু আৰএফআইডি টেগসমূহত নিৰ্দেশনা দিবলৈ চিগনেলিং প্ৰণালী প্ৰাপ্ত কৰে আৰু ৰেলখনৰ অৱস্থান দিশ নিৰীক্ষণ কৰিবলৈ চিগনেল পইণ্ট, যিসমূহ নিয়মীয়া ব্যৱধানত ট্ৰেকৰ কাষত স্থাপন কৰা হয়।
বিগত সময়ছোৱাত, ভাৰতীয় ৰে’লৱেই ৰে’ল দুৰ্ঘটনা হ্ৰাস কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰি আহিছে। কৱচ ৪.০ আৰম্ভ কৰি, ভাৰতীয় ৰে’লৱেই যাত্ৰীসকলৰ বাবে ৰে’ল যাত্ৰা আৰু অধিক সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই পদক্ষেপটো ৰে’লৱে নেটৱৰ্ক শক্তিশালীকৰণৰ লগতে আৰু দেশৰ ৰে’ল নেটৱৰ্কত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰাৰ এক বৃহত্তৰ পৰিকল্পনাৰ অংশস্বৰূপ।