ভঙাগড়ত নাৰ্ছৰ ইনচাৰ্জ ভানুপ্ৰিয়া মিছঙ আটক
ভঙাগড়, বুধবাৰ: ভঙাগড় আৰক্ষীয়ে নাৰ্ছৰ ইনচাৰ্জ ভানুপ্ৰিয়া মিছঙক আটক কৰিছে। সূত্র মতে, সদ্যপ্রসৱ শিশুৰ যত্ন লোৱা NICU (Neonatal Intensive Care Unit) বিভাগত কাম কৰা নাৰ্ছগৰাকীয়ে কিছু বিস্ফোৰক মন্তব্য কৰাৰ পিছতেই এই পদক্ষেপ গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।
ঘটনাটোৱে স্থানীয় পৰিসৰত ব্যাপক আলোড়ন সৃষ্টি কৰিছে। যদিও ভঙাগড় আৰক্ষীয়ে আটকৃত নাৰ্ছ ভানুপ্ৰিয়া মিছঙৰ বিৰুদ্ধে কি অভিযোগত কাৰ্যপদ্ধতি গ্ৰহণ কৰা হৈছে, তাৰ বিষয়ে এতিয়ালৈকে সুনিৰ্দিষ্ট তথ্য প্ৰকাশ কৰা হোৱা নাই।
প্ৰতিবেদনৰ সময়ত আৰক্ষী তদন্ত অব্যাহত আছিল।
👉 NICUত নাৰ্ছৰ এই মন্তব্য আৰু তাৰ পিছত হোৱা আটকক লৈ স্বাস্থ্য মহলত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে।