বৰলীপাৰত বৰলীয়া নদীৰ খহনীয়াঃশ্ৰমদান কৰি প্ৰতিৰোধ দিহা ৷ কৰিলে ৰাইজে 

Telegram

 

বৰলীপাৰত বৰলীয়া নদীৰ খহনীয়াঃশ্ৰমদান কৰি প্ৰতিৰোধ দিহা ৷ কৰিলে ৰাইজে

@ তামুলপুৰ জিলাৰ মাজেৰে বৈ যোৱা বৰলীয়া নদীৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ ওলাই আহিছে বৰলীয়াপাৰৰ ৰাইজ ৷ শ্ৰমদান কৰি বাঁহৰ ডাল গছৰ ডাল কাটি খহনীয়া ৰোধৰ চেষ্টাকৰিছে যদিওঁ ই স্থায়ী সমাধান নোহোৱাত ৰাইজে জনপ্ৰতিনিধিৰ ভূমিকাক লৈও ক্ষোভ উজাৰিছে ৰাইজে ৷

@তামুলপুৰ জিলাৰ বৰলীয়াপাৰ গাঁৱৰ কাষেৰে ভুটানৰ পৰা বৈ অহা বৰলীয়া নদীৰ খহনীয়াই আতংকিত কৰিছে নদীপৰীয়া ৰাইজক ৷

@বিগত বছৰ সমূহতো নদীখনৰ প্ৰৱল সোতে দুয়োপাৰে্ থকা কৃষিজীৱী লোক খিনিক সমস্যাৰ সৃষ্টি কৰিছে ৷বিশেষকৈ নদী খনৰ দক্ষিণ পাৰত থকা বৰলীয়াপাৰৰ শতাধিক পৰিয়ালৰ ঘৰ বাৰী নদীৰ বুকুত জিহ গৈছে ৷

@অৰ্ধশতাাধিক লোক আন ঠাইলৈ স্থানান্তৰ হৈছে ৷ বাকী খিনি লোকে খহনীয়াৰ ৰেহৰুপ চাই একমাত্ৰ ওপৰৱালাৰ ওপৰতে ভৰসা কৰি জীয়াই আছে ৷

@আজিৰ পৰা পাচবছৰ পূৰ্বে শিলৰ স্পাৰ দি নদী খনৰ খহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰিছিল যদিওঁ সেয়া বিফল হয় ৷নদীখনে ক্ৰমাৎ খহনীয়াৰ সৃষ্টি কৰি কেবাটাও পৰিয়ালৰ ঘৰবাৰী কৃষ ভূমিলৈ আনিছে ভাবুকি।

 

@ ৰাইজে বৰ্তমানৰ চৰকাৰক আবেদন কৰি আহিছে যদিওঁ কোনো স্থায়ী সমাধান পোৱা নাই ৷ জলসম্পদ বিভাগে কিছু পাৰ্কুপাইন দি খহনীয়া ৰোধ কৰা দেখা গৈছে ৷ কিন্ত এই কামে সফল নিদিয়ে ৷

@ ফলত আজি ক্ষোভ আৰু হতাশাত ভুগি শ্ৰমদান কৰি গছৰ ডাল দি নদীৰ খহনীয়া ভেটিবলৈ প্ৰয়াস কৰিছে ৷ এই ক্ষেত্ৰত স্থানীয় বিটিআৰৰ নাগ্ৰীজুলি সমষ্টিৰ পাৰিষদ গৰাকীয়ে কোনো ধৰনৰসহাৰি নিদিয়াত ৰাইজ অসন্তুষ্ট হৈ পৰিছে ৷ @ ৰাইজে নদী খনৰ বহুদনীয়া খহনীয়াৰ সমস্যা ৰোধ কৰিবলৈ বিটিআৰ প্ৰমুখ প্ৰমোদ বড়ো বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসক আহ্বান জনাইছে ৷

  • Related Posts

    উচ্ছেদৰ বিৰুদ্ধে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ জ্বালাময়ী মন্তব্য! 🗣️

    Telegram

    TelegramTweet🛑 উচ্ছেদৰ বিৰুদ্ধে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ জ্বালাময়ী মন্তব্য! 🗣️   এইবাৰ খিলঞ্জীয়াৰ মাটিৰ ৰক্ষাৰ বাবে কঠোৰ হুঁশিয়াৰী দিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ। চৰাইদেউত সাংবাদিকৰ কেমেৰাৰ সন্মুখত…

    • Current
    • June 17, 2025
    • 5 views
    • 2 minutes Read
    🚩 Delhi CM Rekha Gupta Vows Major Overhaul of Kanwar Yatra Arrangements 🚩

    Telegram

    TelegramTweet🚩 Delhi CM Rekha Gupta Vows Major Overhaul of Kanwar Yatra Arrangements 🚩   In a significant move ahead of the annual Kanwar Yatra, Delhi Chief Minister Rekha Gupta has…

    Leave a Reply

    Your email address will not be published. Required fields are marked *