ব্ৰইলাৰ ফাৰ্ম খুলি আৰ্থিক ভাৱে স্বাৱলম্বী তামুলপুৰৰ বৰবালিশীহাৰ পুষ্পক মহন্ত

  • Current
  • December 10, 2024
  • 0 Comments
Telegram

ব্ৰইলাৰ ফাৰ্ম খুলি আৰ্থিক ভাৱে স্বাৱলম্বী তামুলপুৰৰ বৰবালিশীহাৰ পুষ্পক মহন্ত

 

আন দহজনকো কৰ্ম সংস্থাপনৰ দিহা

 

তামুলপুৰ, ১০ ডিচেম্বৰ

 

ব্ৰইলাৰ ফাৰ্ম খুলি আৰ্থিক ভাৱে স্বাৱলম্বী তামুলপুৰৰ এগৰাকী উদ্যমী যুৱক পুষ্পক মহন্ত ৷ বিজ্ঞান সন্মত ভাৱে ব্ৰইলাৰ পালন কৰি মাহেকত ৭০ হেজাৰতকৈ অধিক টকা উপাৰ্জন কৰি আন দহ জন যুৱকৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে তামুলপুৰৰ বৰবালিশীহা গাঁওৰ এই গৰাকী উদ্যমী যুৱক পুষ্পক মহন্ত ৷

চৰকাৰী চাকৰি আশা নকৰি বিগত ২৪ বছৰ ধৰি নিজৰ ঘৰতে ব্ৰইলাৰ ফাৰ্ম স্থাপন কৰি নিজকে আৰ্থিক ভাৱে স্বাৱলম্বী কৰি তুলিছে ৷

ব্ৰইলাৰ পালনত বিশেষ অভিজ্ঞতা পুষ্ট পুষ্পক মহন্তৰ ওচৰত প্ৰশিক্ষন লৈ তামুলপুৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকী শিক্ষিত নিৱনুৱাই ব্ৰইলাৰ ফাৰ্ম খুলি আৰ্থিক ভাৱে স্বাৱলম্বন হৈ পৰিয়াল পোহপাল দি আছে ৷ উল্লেখ্য যে ২০০০ চনত নিজৰ ধন খৰচ কৰি ব্ৰইলাৰ পালনৰ বাবে ফাৰ্ম স্থাপন কৰি পোৱালী কিনি উৎপাদন আৰম্ভ কৰিছিল পুষ্পক মহন্তই ৷ প্ৰথম অৱস্থাত দুই হেজাৰ পোৱালীৰে ফাৰ্ম আৰম্ভ কৰা মহন্তই আশা কপা ধৰণে লাভান্বিত হোৱা নাছি যদিও ধৰ্য্য নেহেৰুৱাই ব্ৰইলাৰ পালন কৰি যায় ৷ শেহতীয়াকৈ উন্নত জাতৰ ব্ৰইলাৰ পোৱালী উৎপাদন কৰা কোম্পানীৰ লগত চুক্তি কৰি এবাৰত ৫ ৰ পৰা ৬ হেজাৰ ব্ৰইলাৰৰ পোৱালী আনি তাক সঠিক ভাৱে প্ৰতি পালন কৰি মাহেকত ৭০ হেজাৰতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে পুষ্পক মহন্ত ৷ পুষ্পক মহন্তই সদৰি কৰা মতে তেওৰ ওচৰত তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ নিৱনুৱা যুৱকৰ লগতে নগাও,কাৰ্বআলং,ধুবুৰী,বাগসা,ওদালগুৰী জিলা আদিৰ নিৱনুৱা যুৱকেও তেওৰ ওচৰত ব্ৰইলাৰ পালনৰ প্ৰশিক্ষন লবলৈ আহে ৷২০০০ চনত তামুলপুৰত পোন প্ৰথম বাৰৰ বাবে ব্ৰইলাৰ ফাৰ্ম স্থাপন কৰা পুষ্পক মহন্তৰ দিহা পৰামৰ্শ আৰু সহযোগীতাত সম্প্ৰতি তামুলপুৰৰ বিভিন্ন প্ৰান্তত ২০০ খনতকৈ অধিক ফাৰ্ম স্থাপন কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হৈছে বহু যুৱক ৷

নিজৰ লগতে আন দহজনক কৰ্মসংস্থাপনৰ বাট মোকলাই দিবলৈ পায় অত্যন্ত সুখী পুষ্পক মহন্ত তামুলপুৰত এজন আদৰ্শ ব্ৰইলাৰ পালক হিচাপে পৰিগণিত হৈছে ৷

  • Related Posts

    • Current
    • June 18, 2025
    • 4 views
    • 1 minute Read
    নিযুক্তিৰ আনন্দ: চিকিৎসক হোৱাৰ সপোন পূৰ্ণ হ’ল!

    Telegram

    TelegramTweetনিযুক্তিৰ আনন্দ: চিকিৎসক হোৱাৰ সপোন পূৰ্ণ হ’ল!   📍 গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)-ৰ প্ৰেক্ষাগৃহত আজি এটি গৰ্বৰ দৃশ্য পৰিলক্ষিত হয়। মুঠ ৪০০ গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়াক নিযুক্তি পত্ৰ বিতৰণ…

    • Current
    • June 18, 2025
    • 5 views
    • 1 minute Read
    সোনম ৰঘুবংশীৰ ভাই গোৱিন্দৰ প্ৰতিক্ৰিয়া নাৰ্কো টেষ্ট দাবীত

    Telegram

    TelegramTweetসোনম ৰঘুবংশীৰ ভাই গোৱিন্দৰ প্ৰতিক্ৰিয়া নাৰ্কো টেষ্ট দাবীত 🗣️ ——————————————————   ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ সন্দেহত কোৱা যোৱা সোনম ৰঘুবংশীৰ নাম কেন্দ্ৰ কৰি যেতিয়া নাৰ্কো টেষ্টৰ দাবী উঠিছে, তেতিয়াই পৰিয়ালৰ পৰা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *